নিউজ ডেস্কঃ বৃহস্পতি বাৰে মহানগৰীৰ উমানন্দ ঘাটত উপস্থিত হ’ব শেখৰ বৰদলৈ আৰু ৰিচান দলে। শেখৰ বৰদলৈ আৰু বৰদলৈৰ বন্ধু ৰিচান দলেই ৩০ ছেপ্টেম্বৰত মাজুলীৰ পৰা উমানন্দলৈ ব্ৰহ্মপুত্ৰৰে বাঁহৰ ভূৰত যাত্ৰা আৰম্ভ কৰিছিল।
প্ৰকৃতি সুৰক্ষা আৰু ছাষ্টেইনবল ডেভেলপমেন্ট সম্পৰ্কে সচেতনতা সৃষ্টিৰ উদ্দেশ্যে আৰম্ভ কৰা এই বাঁহৰ ভূৰ যাত্ৰাৰ ৮ অক্টোবৰৰ দুপৰীয়া ১২:০০ বজাত এক আদৰণি অনুষ্ঠানৰ দ্বাৰা সমাপ্তি ঘটিব। জনসাধাৰণৰ মাজত পৰিবেশ সম্পৰ্কে সচেতনা বৃদ্ধিৰ উদ্দেশ্যে শেখৰ বৰদলৈ আৰু ৰিচান দলেই কৰিছিল এই যাত্ৰা ।