নিউজ ডেস্কঃ এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ চাকৰিৰ নিযুক্তি পৰীক্ষা পাতিব বিশ্ববিদ্যালয়ে।ইয়াৰ বাবে অসমৰ ৪খন বিশ্ববিদ্যালয়ক দায়িত্ব প্ৰদান কৰা হৈছে।
কোন বিশ্ববিদ্যালয়ৰ হাতত কি কি বিভাগৰ দায়িত্ব?
১) ডিব্ৰুগড় বিশ্ববিদ্যালয়: আৰক্ষী,হোম গাৰ্ড,কাৰাগাৰ,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু শ্ৰম বিভাগৰ নিযুক্তি পৰীক্ষা।
২)গুৱাহাটী বিশ্ববিদ্যালয়: উদ্যোগ আৰু বাণিজ্য,দক্ষতা বিকাশ,পৰিবহণ,আবকাৰী,বন আৰু পৰিৱেশ বিভাগৰ নিযুক্তি পৰীক্ষা।
৩)শিলচৰস্থিত অসম বিশ্ববিদ্যালয়: সমাজ কল্যাণ আৰু ছয়ল কনজাৰ্ভেশ্যনৰ নিযুক্তি পৰীক্ষা।
৪)তেজপুৰ বিশ্ববিদ্যালয়: জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষা।