নিউজ ডেস্কঃ ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ সন্দৰ্ভত যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ ৰবীন ফুকনে ঐতিহাসিক ৰায় প্ৰদান কৰিছে৷
টিয়ক আৰক্ষী থানাৰ কেচ নং ৪৩৪/২০১৯ৰ Assam Medicare Service Personsons & Medicare Service Institutions আইন, ২০১১ৰ ৩০২/৩৪১/৩৪২/৩৫৩/৪২৭/৫০৬/১৪৩/১৪৪/১৪৭/১৪৮ r/w ১৪৯/১৮৬/১০৯, ৪ নং ধাৰাৰ অধীনত ২৫ জন লোকক এই গোচৰত দোষী সাব্যস্ত কৰা হৈছিল ।
১৯ অক্টোবৰত অভিযুক্ত লোককেইজনৰ শাস্তি ঘোষণা কৰা হ’ব ।
উল্লেখ্য যে, ২০১৯ ৰ ৩১ আগষ্টত সংঘটিত হোৱা দেবেন দত্তৰ হত্যাৰ কাণ্ডই সমগ্ৰ ৰাজ্য কঁপাই তুলিছিল আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত বিক্ষোভৰ সৃষ্টি হৈছিল৷
উক্ত গোচৰ সন্দৰ্ভত Eastern Range ৰ ডিআইজি ডাঃ শিৱ প্ৰসাদৰ নেতৃত্বত অসম আৰক্ষীৰ দলে তদন্ত কৰিছিল ।
ঘটনাৰ সন্দৰ্ভত ২১ ছেপ্টেম্বৰ ২০১৯ ত ৬০২ পৃষ্ঠাৰ এক চার্জশ্বিট দাখিল কৰিছিল।