নিউজ ডেস্কঃ পাকিস্তানৰ ইমৰান খান নেতৃত্বাধীন তেহৰিক–ই–ইনছাফ (পিটিআই) চৰকাৰ দেশখনৰ মুদ্রাস্ফীতিৰ বাবে জগৰীয়া বুলি প্রায় ৫০ শতাংশ নাগৰিকে অনুভৱ কৰে৷ শেহতীয়াকৈ জি’ নিউজৰ প্রতিবেদনত সদৰী হৈছে এই তথ্য৷
জি’ নিউজে চলোৱা এক সমীক্ষা অনুসৰি সামগ্রীৰ মূল্যবৃদ্ধিয়ে পাকিস্তানৰ সকলো শ্রেণীৰ নাগৰিকক সমস্যাত পেলাইছে৷ লক্ষণীয়ভাৱে সমাজৰ পিছপৰা শ্রেণীসমূহ চৰকাৰৰ অদক্ষতাৰ বাবে সংকটৰ সন্মুখীন হোৱা বুলি এই সমীক্ষাত প্রকাশ পাইছে৷ যোৱা অক্টোবৰৰ ২৮ তাৰিখৰ পৰা ৪ নৱেম্বৰলৈ জি’ নিউজে দেশখনত চলাইছিল এই সমীক্ষা৷
সমীক্ষা অনুসৰি ৪৯ শতাংশতকৈ অধিক লোকে দেশখনত বর্তমানৰ ভয়াৱহ মুদ্রাস্ফীতিৰ বাবে ইমৰান খান চৰকাৰ জগৰীয়া বুলি ধাৰণা কৰে৷ সমীক্ষা অনুসৰি মাত্র ১৫ শতাংশ লোকেহে পূর্বৰ চৰকাৰৰ বাবে দেশখনত ভয়াৱহ মুদ্রাস্ফীতি ঘটা বুলি মন্তব্য কৰিছে৷ স্মর্তব্য যে ভয়ংকৰ অর্থনৈতিক সংকটত চলি আছে পাকিস্তান৷