নিউজ ডেস্কঃ আগন্তুক অসম বিধানসভা নিৰ্বাচনত অপৰাধ পৃষ্ঠভূমি থকা ৰাজনৈতিক নেতাসকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ আশা হয়তো এইবাৰ মষিমূৰ হ’ব৷ নির্বাচনৰ দিন চমু চাপি অহাৰ সময়তে দেশৰ উচচতম ন্যায়ালয়ে ৰাজনীতিৰ পথাৰখন অপৰাধমুক্ত কৰাৰ বাবে হাতত লোৱা কঠোৰ স্থিতিত অসমৰ ২৪জনকৈ ৰাজনীতিকৰ ভৱিষ্যৎ অনিশ্চিত হৈ পৰিছে৷ অসমৰ এই ৰাজনীতিকসকলৰ বিৰুদ্ধে মুঠ ৩৩টাকৈ ফৌজদাৰী গোচৰ চলি আছে৷
অহা নির্বাচনৰ পূর্বে এই গোচৰসমূহ নিষ্পত্তি নহ’লে তেওঁলোকে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে গোচৰ নিষ্পত্তি হোৱাৰ পাছত তেওঁলোক দোষী সাব্যস্ত হ’লেও নির্দিষ্ট সময়ৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পৰা আঁতৰি থাকিব লাগিব৷ উচচতম ন্যায়ালয়ে লোৱা এই কঠোৰ স্থিতিত এতিয়া অসমৰ ৰাজনীতিকসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷
এই নির্দেশৰ পাছতে গুৱাহাটী উচচ ন্যায়ালয়ত ৩২০২০ নম্বৰত এটা গোচৰ ৰুজু হৈছ যে উচচতম ন্যায়ালয়ত ৬৯৯২০২০ নম্বৰত ৰুজু হোৱা এক লেখ আৱেদন গোচৰৰ ভিত্তিত হোৱা শুনানিত উচচতম ন্যায়ালয়ে যোৱা ১৮ ছেপ্টেম্বৰত দেশৰ সকলো ৰাজ্যৰ উচচ ন্যায়ালয়ত নিজ নিজ ৰাজ্যৰ ৰাজনীতিকসকলৰ বিৰুদ্ধে ৰুজু হৈ থকা ফৌজদাৰী গোচৰৰ নিষ্পত্তি খৰতকীয়া কৰিবলৈ নির্দেশ দিয়ে৷ এই নির্দেশৰ ভিত্তিতে গুৱাহাটী উচচ ন্যায়ালয়ত নিজাববীয়া গোচৰ ৰুজু কৰা হয়৷ বছৰৰ পাছত বছৰ নিষ্পত্তি নোহোৱাকৈ থকা ২৪জন ৰাজনীতিকৰ বিৰুদ্ধে থকা মুঠ ৩৩টা ফৌজদাৰী গোচৰৰ ওপৰত উচচ ন্যায়ালয়ত ৰুজু হোৱা গোচৰটোৰ ইতিমধ্যে শুনানি আৰম্ভ হৈছে৷
অভিযুক্ত ৰাজনীতিকসকলৰ ভিতৰত কোকৰাঝাৰৰ নির্দলীয় সাংসদ নৱ কুমাৰ শৰণীয়াৰ বিৰুদ্ধে সর্বাধিক ৪টা গোচৰ চলি আছে৷ প্রাক্তন কংগ্রেছী মন্ত্রী ছিদ্দিক আহমেদৰ বিৰুদ্ধে ৩টা গোচৰ চলি আছে৷ বিজেপিৰ বিধায়ক ৰমাকান্ত দেউৰী, কুশল দুৱৰী, শিলাদিত্য দেব আৰু এ আই ইউ ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ বিৰুদ্ধে আছে ২টাকৈ গোচৰ৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈ, ডিফুৰ সাংসদ হৰেন ছিং বে’, ধুবুৰীৰ সংসদ বদৰুদ্দিন আজমল, শিলচৰৰ প্রাক্তন সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেব, নগাঁৱৰ প্রাক্তন সাংসদ ৰাজেন গোহাঁইৰ বিৰুদ্ধেও ১টাকৈ গোচৰ বিচাৰাধীন হৈ আছে৷
গোৱালপাৰাৰ কংগ্রেছী বিধায়ক এ কে ৰছিদ আলম, দুধনৈৰ বিজেপি বিধায়ক দীপক ৰাভা, নাহৰকটীয়াৰ অগপ বিধায়ক নৰেন সোণোৱাল, বদৰপুৰৰ কংগ্রেছী বিধায়ক জামালুদ্দিন আহমেদৰ লগতে প্রাক্তন কংগ্রেছী মন্ত্রী অর্ধেন্দু কুমাৰ দে’, নীলমণি সেন ডেকা, প্রাক্তন বিধায়ক আতাউৰ ৰহমান মাঝাৰ ভূঞা, শ্বাহ আলম, ৰচুল হক বাহাদুৰ, ৰাণা গোস্বামী, জিতেন গগৈৰ বিৰুদ্ধে এটাকৈ গোচৰ আদালতত চলি আছে৷ প্রণিধানযোগ্য যে কেৱল অসমৰ ৰাজনীতিকসকলৰ বিৰুদ্ধেই নহয়, অসমত কংগ্রেছৰ শীর্ষনেতা ৰাহুল গান্ধী, চুবুৰীয়া অৰুণাচলৰ ৫জন বিধায়কৰ বিৰুদ্ধেও অসমৰ আদালতত গোচৰ চলি আছে৷ প্রণিধানযোগ্য যে অসমৰ বিভিন্ন আদালতত চলি থকা এই ফৌজদাৰী গোচৰসমূহ ১ বছৰৰ পৰা ২২ বছৰ পুৰণি গোচৰো আছে৷