গুৱাহাটী – বৰ্ণময় ৰাজনৈতিক কেৰিয়াৰে মহীয়ান তৰুণ গগৈ নামৰ এক বৰ্ণিল অধ্যায়ৰ সমাপ্তি ঘটিল। বিগত প্ৰায় এটা মাহ ধৰি ক’ভিড-১৯ ত আক্ৰান্ত হৈ থকাৰ পিছত অলপতে সুস্থ হৈ ঘৰলৈ ওভতা গগৈয়ে যোৱা ১ নৱেম্বৰৰ নিশা পুনৰ অসুস্থ হৈ পৰিছিল। ইয়াৰ পিছতে বিগত প্ৰায় এটা মাহ ধৰি গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
জিএমচিএইৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সাংবাদিকক জনোৱা মতে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে বিগত কেবাদিন ধৰি কষ্টত ভুগি থকাৰ উপৰিও শেহতীয়াকৈ দেহৰ একাধিক অংগ নিস্ক্ৰিয় হৈ পৰিছিল৷ শেহতীয়াকৈ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে আইচিইউতে ভেণ্টিলেটৰত ৰাখি তীক্ষ্ণ পৰ্যবেক্ষণত ৰাখিছিল গগৈক।
বৰ্ষীয়ান নেতাগৰাকীৰ মৃত্যুৰ লগে লগে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক বৃহৎ শুন্যতা সৃষ্টি হোৱাটো নিশ্চিত। ক’ভিডত আক্ৰান্ত হোৱাৰ পূৰ্বলৈ চিৰতৰুণ তৰুণ গগৈয়ে সক্ৰিয় ভুমিকা গ্ৰহণ কৰি আহিছিল ৰাজ্যৰ ৰাজনীতিত।
উল্লেখ্য যে ১৯৩৪ চনৰ ১১ অক্টোবৰত ৰঙাজান চাহ বাগিছাত জন্ম হৈছিল তৰুণ গগৈৰ। একেধাৰে তিনিবাৰকৈ ২০০৬ চনৰ ১৪ মে’ৰ পৰা ২০১৬ চনলৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল। প্ৰচুৰ ৰাজনৈতিক বিচক্ষণতাৰে প্ৰতিদিনেই ৰাজ্যৰ ৰাজনীতিত প্ৰাসঙ্গিক আছিল গগৈ।
পিতৃৰ নাম আছিল ড০ কমলেশ্বৰ গগৈ আৰু মাক উষা গগৈ। পিতৃ ৰঙাজান চাহ বাগিছাৰ চিকিৎসক। মাতৃ আছিল অসমৰ এজন জনপ্ৰিয় কবি গণেশ গগৈৰ কনিষ্ঠা ভগ্নী। ৰঙাজান চাহ বাগিছাত থকা ৰঙাজান নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল গগৈয়ে।
ইয়াৰ পিছতে যোৰহাটত আৰু ভোলাগুৰি হাইস্কুলতো শিক্ষাগ্ৰহণ কৰে তেওঁ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ জে বি কলেজত নামভৰ্তি কৰে। পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰি ৰাজনীতিৰে জড়িত হৈ পৰিছিল তেওঁ।
৬বাৰকৈ লোকসভাৰ সাংসদ হৈছিল তেওঁ। ১৯৭১চনৰ পৰা ৮৫চনলৈ তেওঁ যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে নিৰ্বাচিত হৈছিল। ইয়াৰ পূৰ্বে ১৯৬৭চনত যোৰহাট মিউনিচিপালিটী বোৰ্ডৰো সদস্যৰূপে নিৰ্বাচিত হৈছিল।
১৯৭৬ত তেওঁ এ আই চি চি (নিখিল ভাৰত কংগ্ৰেছ কমিটি)ৰ যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত হৈছিল। ১৯৭৭চনত দ্বিতীয়বাৰৰ বাবে ,১৯৮৩চনত তৃতীয় বাৰৰ বাবে সাংসদৰূপে তেওঁ নিৰ্বাচিত হৈছিল। ১৯৮৩চনত তেওঁ পুনৰ এ আই চি চিৰ যুটীয়া সম্পাদক হয়।
১৯৮৫ত এ আই চিচিৰ সাধাৰণ সম্পাদকৰূপে দায়িত্ব লৈছিল তৰুণ গগৈয়ে। ইন্দিৰা গান্ধীৰো ঘনিষ্ঠ আছিল তৰুণ গগৈ। ১৯৮৬ৰ পৰা ১৯৯০লৈ তেওঁ আছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। ১৯৯১চনত তেওঁ কেন্দ্ৰীয় খাদ্য মন্ত্ৰী(ৰাজ্যিক স্বতন্ত্ৰ)ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।
পৰৱৰ্তীসময়ত তেওঁ কলিয়াবৰৰ পৰা ১৯৯১চনত সাংসদৰূপে নিৰ্বাচিত হৈ এই মন্ত্ৰীত্ব লাভ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীসভাত। ১৯৯৩চনত তেওঁ অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৮চনত তেওঁ পুনৰ সাংসদ ৰূপে নিৰ্বাচিত হয়।
তাৰ পিছত ১৯৯৯চনত ষষ্ঠবাৰৰ বাবে কলিয়াবৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল গগৈ। ৰাজ্যৰ ৰাজনীতিত পট পৰিৱৰ্তন ঘটাত তৰুণ গগৈ পুনৰ ঘূৰি আহে অসমলৈ। বহু সমস্যাৰে জৰ্জৰিত অসমত ২০০১ চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিছিল।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লৈছিল। পৰৱৰ্তীসময়ত আৰু ২টাকৈ কাৰ্যকাল অথাত মুঠ ১৫বছৰ অসমৰ মুখ্যমন্ত্ৰীৰ আসনত আছিল তৰুণ গগৈ। ২০১৬চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ চৰকাৰ পতন ঘটে।