উচ্চতম ন্যায়ালয়ে সোমবাৰে এক নিৰ্দেশযোগে দেশৰ চাৰিখন ৰাজ্য ক্ৰমে দিল্লী, গুজৰাট, মহাৰাষ্ট্ৰ, আৰু অসমৰ পৰা ক’ভিড প্ৰতিবেদন বিচাৰিছে ৷
এই চাৰিখন ৰাজ্যত শেহতীয়াকৈ পুনৰ বৃদ্ধি পাব ধৰিছে ক’ভিড-১৯ ৰ সংক্ৰমণ ৷ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দিল্লী, গুজৰাট, অসম আৰু মহাৰাষ্ট্ৰত কভিড সংক্ৰমণ বাঢ়িছে যদিও ৰাজ্যকেইখনৰ চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে নে নাই তাক লৈ নিশ্চিত নহয় দেশৰ উচ্চতম ন্যায়ালয় ৷
ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা ৰাজ্যকেইখনত সংক্ৰমণ ৰোধ কৰিবলৈ সংশ্লিষ্ট চৰকাৰ তথা প্ৰশাসনে কি বিশেষ ভূমিকা গ্ৰহণ কৰিছে, সেয়া জানিব বিচাৰিছে শীৰ্ষ আদালতখনে৷ আগন্তুক দুদিনৰ ভিতৰত উক্ত ৰাজ্যকেইখনৰ ক’ভিড পৰিস্থিতি আৰু ইয়াৰ প্ৰশমনৰ বাবে লোৱা সবিশেষ ন্যায়ালয়ক দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ন্যায়াধীশ অশোক ভূষণ, আৰ সুবাস ৰেড্ডী আৰু এম পি শ্বাহৰ তিনিজনীয়া বিচাৰপীঠে প্ৰকাশ কৰা মতে যদিহে সময় থাকোতেই ৰাজ্যকেইখনে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ডিচেম্বৰত পৰিস্থিতি অধিক গুৰুতৰ হ’ব৷
অসমৰ অভিবক্তা কৌশিক চৌধুৰী আৰু পলাশ তালুকদাৰে অসমৰ চিকিৎসালয়ত ক’ভিডৰ বাবে যাবতীয় ICU আসন আৰু অক্সিজেন পৰিমাণৰ কম হৈ থকাৰ সমস্যাক কেন্দ্ৰ কৰি দেশৰ সৰ্বোচ্চ ন্যায়লয়ৰ আৱেদন জনায় ৷ উক্ত আৱেদনখন উচ্চতম ন্যায়লয়ৰ অধিবক্তা পৱনশ্ৰী আগৰৱালে আৱেদন কৰে ৷
আৱেদনখনত উল্লেখ কৰা সমস্যাসমূহৰ লগতে ক’ভিডৰ বাবে ব্যক্তিগত চিকিৎসালয়বোৰে কোনো নিৰ্ধাৰিত নোহোৱাকৈ ক’ভিড ৰোগীৰ পৰা ধন সংগ্ৰহ কৰি আছে ৷ যিটো অসম চৰকাৰে ৰোধ কৰিব পৰা নাই ৷
এই সংক্ৰান্তত আকৌ ২৭ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে এখনি শুনানি দিছে ৷