আজি লাচিত দিৱস ৷ আজি সমগ্ৰ ৰাজ্যতে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে লাচিত দিৱস। জালুকবাৰীত অৱস্থিত ‘লাচিত উদ্যানত আজি উদযাপন কৰা হৈছে লাচিত দিৱস। এই কাৰ্যসূচীত উপস্থিত মহানগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য। লাচিত দিবসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা আছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ বাবে বাতিল কৰা হৈছে মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ বাবে আজি সকলো পূৰ্বে নিৰ্ধাৰিত সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৰাজ্য চৰকাৰৰ ৷লাচিত দিবস উপলক্ষে মৈদাম তৰ্পন কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি মাৰিছে ৷
১৬২২ চনৰ আজিৰ দিনটোত চৰাইদেউত জন্মগ্ৰহণ কৰা বীৰ লাচিত বৰফুকন পিতৃ মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ নাগেশ্বৰী আইদেউৰ সপ্তম পুত্ৰ আছিল । লাচিত বৰফুকন অসমৰ আহোম সাম্ৰাজ্য এজন ফুকনলুং। ১৬৭১ চনত শৰাইঘাট যুঁজৰ ফুকনে অসমীয়া সেনাৰ হৈ বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰ ৰক্ষা কৰিছিল ৷ শৰাইঘাটৰ যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফলস্বৰূপে অসমৰ বুৰঞ্জীত নিজৰ নাম জিলিকি আছে অসম বুৰঞ্জীত লাচিত বৰফুকলৰ নাম সোণালী আক্ষৰেৰে জিলিকি আছে অসমত অসমীয়া জীয়াই থকা লৈ ৷
লাচিত দিৱস উপলক্ষে মোডীৰ শ্ৰদ্ধাঞ্জলী ৷ টুইত যোগে জনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷