ভাৰাঘৰত আৰোপ কৰা ১৮ শতাংশ GSTৰ বিষয়ে চৰকাৰে স্পষ্ট কৰি দিছে যে কেৱল বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰা ভাৰাঘৰৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব এই নীতি। ব্যক্তিগত ব্যৱহাৰৰ ভাৰাঘৰত আৰোপ নহয় জিএছটি।
উল্লেখযোগ্য যে অলপতে জিএছটি কাউন্সিলে কিছু নিয়ম সালসলনি কৰাৰ লগতে ভাৰাঘৰকো জিএছটিৰ আওতালৈ আনিছিল। উক্ত নিয়ম অনুসৰি, GSTৰ অধীনত পঞ্জীয়নভুক্ত ব্যৱসায়ী বা ব্যক্তিয়ে যদি ভাৰালৈ ঘৰ লয় তেন্তে তেওঁ পৰিশোধ কৰিব লাগিব। এই নিয়মত ভাৰাতীয়াই পৰিশোধ কৰা টেক্সৰ ওপৰত ইনপুট টেক্স ক্ৰেডিট ক্লেইম কৰাৰ ব্যৱস্থা থাকিব GST। লগতে যদি ঘৰ ভাৰালৈ লোৱা ব্যৱসায়ী, কোম্পানী বা ব্যক্তি GSTৰ অধীনত পঞ্জীয়নভুক্ত নহয় তেতিয়াও এই টেক্স দিব নালাগে।
যদি কোনো ব্যক্তি GSTৰ অধীনত পঞ্জীয়নভুক্ত নহয়, কিন্তু নিজৰ ঘৰ GST পঞ্জীয়নভুক্ত ব্যক্তি বা কোম্পানীক ভাৰালৈ দিয়ে, তেন্তে ভাৰাতীয়াই ১৮ শতাংশ GST দিব লাগিব। যদি ভাৰাতীয়া GSTৰ অধীনত পঞ্জীয়নভুক্ত নহয়, তেন্তে কোনো টেক্স পৰিশোধ কৰিব নালাগে। যদি কোম্পানী বা কোনো ব্যক্তিয়ে আবাসিক প্ৰপাৰ্টী কৰ্মচাৰী থাকিবলৈ, গেষ্ট হাউছ হিচাপে ব্যৱহাৰ কৰিবলৈ বা কাৰ্যালয়ৰ বাবে ব্যৱহাৰ কৰিবলৈ ভাৰালৈ লয়, তেন্তে ভাৰাতীয়াই ১৮ শতাংশ GST দিব লাগিব। যদি ঘৰৰ মালিক GSTত পঞ্জীয়নভুক্ত নহয় তেতিয়াও এই টেক্স দিব লাগিব। অৱশ্যে ঘৰৰ মালিক আৰু ভাৰাতীয়া দুয়ো GSTত পঞ্জীয়নভুক্ত নহ’লে এই নিয়ম কাৰ্যকৰী নহয়।