ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ অলপতো লাডাখ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰৰ ফাইবাৰ-টু-দ্য-হোম (এফটিটিএইচ) ব্ৰডবেণ্ড সেৱা মুকলি কৰাৰ কথা ঘোষণা কৰিছে। ইয়াৰ সৈতে এয়াৰটেল হৈ পৰিছে প্ৰথম ব্যক্তিগত আইএছপি, যিয়ে দূৰৱৰ্তী অঞ্চলবোৰৰ গ্ৰাহকক এফটিটিএইচ ব্ৰডবেণ্ডৰ ডাটা চুপাৰহাইৱেৰ সৈতে হাই স্পীড সংযোগৰ ডিজিটেল প্ৰৱেশাধিকাৰ (access) প্ৰদান কৰিছে।
এই সন্দৰ্ভত ভাৰত চৰকাৰৰ টেলিকম বিভাগৰ সচিব কে ৰাজাৰমণ (K. Rajaraman) কয়; “লাডাখ আৰু আন্দামান আৰু নিকোবৰত এফটিটিএইচ সেৱা আৰম্ভ কৰাৰ বাবে আমি এয়াৰটেলক অভিনন্দন জনাইছো। দেশৰ প্ৰধানমন্ত্ৰীয়ে বিগত বৰ্ষত ডিজিটেল ইণ্ডিয়াৰ আধাৰ হিচাপে লৈ চেন্নাই আৰু পোৰ্ট ব্লেয়াৰৰ মাজত হাই স্পীড ডাটা সংযোগ অনাৰ বাবে
সাগৰৰ তলৰে কেবল সংযোগৰ শুভাৰম্ভ কৰিছিল। অঞ্চলটোৰ নাগৰিকসকলক হাই স্পীড ব্ৰডবেণ্ডৰ সুবিধা দিবলৈ এয়াৰটেলৰ দৰে ব্যক্তিগত অপাৰেটৰৰ পদক্ষেপটো উৎসাহজনক।”
আনহাতে, এই সন্দৰ্ভত ভাৰতী এয়াৰটেলৰ ব্ৰডবেণ্ড ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া বীৰ ইন্দৰ নাথে (Vir Inder Nath) কয়; ” এই অঞ্চলবোৰলৈ এয়াৰটেল এক্সষ্ট্ৰীমৰ উচ্চ মানদণ্ডৰ ব্ৰডবেণ্ড সেৱা আগবঢ়াই আমি আনন্দিত। মহামাৰীৰ পিছৰ হাই স্পীড ব্ৰডবেণ্ডৰ চাহিদা বৃদ্ধি পাইছে, বিশেষকৈ ঘৰতে বহি কাম কৰাৰ বাবে, অনলাইন শিক্ষণৰ লগতে অনলাইন মনোৰঞ্জনৰ। এয়াৰটেলে এই গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অধিক বিনিয়োগ কৰি আছে আৰু আগন্তুক তিনি বছৰত সমগ্ৰ দেশৰ ২০০০খন চহৰলৈ এফটিটিএইচ উপস্থিতি আগবঢ়ালৈ সাজু হৈছে।” এয়াৰটেল এক্সষ্ট্ৰীম ফাইবাৰৰ হাই স্পীড ব্ৰডবেণ্ড বৰ্তমান লাডাখৰ লেহ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পোৰ্ট ব্লেয়াৰ গ্ৰাহকসকলৰ বাবে উপলব্ধ। কোম্পানীটোৱে আগন্তুক মাহবোৰত অঞ্চলসমূহ অন্যান্য মুখ্য স্থানলৈ সেৱাটো সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে।