কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সমবায় বেংকৰ জৰিয়তে ঋণৰ প্ৰবাহ বৃদ্ধিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে ঘোষণা কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহক আদৰণি জনাইছে। অমিত শ্বাহে কয় যে, এবছৰতকৈও কম সময়ৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমবায় খণ্ডৰ বাবে বহুতো ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। যিবোৰৰ দীৰ্ঘদিন ধৰি প্ৰয়োজন আছিল। সহযোগিতা মন্ত্ৰালয় আৰু সমবায় খণ্ডৰ সৈতে জড়িত কোটি কোটি লোকৰ হৈ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই খণ্ডৰ উন্নয়নত নতুন গতি প্ৰদান কৰা সিদ্ধান্তসমূহৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত নতুন সহযোগিতা মন্ত্ৰালয় গঠন হোৱাৰ পিছৰে পৰা সমবায় খণ্ডৰ বহুতো পুৰণি দাবী আৰু সমস্যা সমাধান কৰা হৈছে। এই সিদ্ধান্তবোৰে সমবায় বেংকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিব। অমিত শ্বাহে কয় যে, সমবায় খণ্ডত দেশৰ কৃষক, কৃষি আৰু গ্ৰাম্য অঞ্চলসমূহৰ উন্নয়ন আৰু সৱলীকৰণৰ যথেষ্ট সম্ভাৱনা আছে,। সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ‘সহকাৰ চে সমৃদ্ধি’ মন্ত্ৰেৰে সমবায় খণ্ডক শক্তিশালী কৰি তুলিছে আৰু বহু সিদ্ধান্ত গ্ৰহণ কৰি আহিছে।
তেওঁ কয় যে, আজি ভাৰতীয় ৰিজাৰ্ভ বেংকে সমবায় খণ্ডৰ বাবে তিনিটা অতি গুৰুত্বপূৰ্ণ নীতিগত সিদ্ধান্তৰ কথা ঘোষণা কৰিছে বুলি জনাবলৈ পাই মই অত্যন্ত আনন্দিত। সেই অনুসৰি প্ৰথমতে, নগৰসমবায় বেংকৰ বাবে ব্যক্তিগত গৃহ ঋণৰ সীমা দুগুণ কৰা হৈছে। এই সিদ্ধান্তৰ জৰিয়তে টায়াৰ ১ নগৰ সমবায় বেংকৰ (ইউ চি বি) বাবে ব্যক্তিগত গৃহ ঋণৰ সীমা এতিয়া ৩০ লাখৰ পৰা ৬০ লাখলৈ, টায়াৰ ২ নগৰ সমবায় বেংকৰ বাবে ৭০ লাখৰ পৰা ১.৪০ কোটি আৰু গ্ৰাম্য সমবায় বেংকৰ (আৰ চি বি) বাবে বৃদ্ধি কৰা হৈছে। এই সীমা ক্ৰমান্বয়ে ২০ লাখ আৰু ৩০ লাখৰ পৰা ৫০ লাখ আৰু ৭৫ লাখলৈ বৃদ্ধি কৰা হৈছে।
আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি গ্ৰাম্য সমবায় বেংকসমূহক বাণিজ্যিক ৰিয়েল ইষ্টেট আৱাসিক আৱাস খণ্ডক ঋণ দিয়াৰ অনুমতি দিয়া হৈছে। যি আমাৰ গ্ৰাম্য সমবায় বেংকসমূহৰ পৰিসৰ বৃদ্ধি কৰিব আৰু লগতে লোকসকলক সুলভ ঘৰ প্ৰদানৰ সংকল্পক গতি প্ৰদান কৰিব। তৃতীয় গুৰুত্বপূৰ্ণ সিদ্ধান্তত হৈছে এতিয়াৰে পৰা নগৰসমবায় বেঙ্কবোৰক তেওঁলোকৰ গ্ৰাহকসকলক বাণিজ্যিক বেংকৰ দৰে ড’ৰ ষ্টেপ বেঙ্কিং সুবিধা প্ৰদান কৰাৰ অনুমতি দিয়া হৈছে। এই সিদ্ধান্তৰ সৈতে, সমবায় বেঙ্কবোৰে এতিয়া প্ৰতিযোগিতামূলক বেঙ্কিং খণ্ডৰ সৈতে সমানে সমানে আগবাঢ়িব পাৰিব। ফলত তেওঁলোকে আন বেংকৰ দৰে গ্ৰাহকসকলক ঘৰে ঘৰে বেঙ্কিং সুবিধা প্ৰদান কৰিবলৈ সক্ষম হ’ব। সমবায় বেংকৰ জৰিয়তে গৃহ নিৰ্মাণ খণ্ডলৈ ঋণৰ প্ৰবাহ বৃদ্ধিৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি হ’ব। মূলধন গঠন আৰু নিযুক্তিৰ সৃষ্টি বৃদ্ধি হ’ব। যিয়ে অৰ্থনীতিৰ ওপৰত বহুগুণে প্ৰভাৱ পেলাব।