বিবাহ পাশত আবদ্ধ হ’ল দেশৰ প্ৰখ্যাত উদ্যোগপতি অনিল আম্বানীৰ পুত্ৰ অনমোল আম্বানী। ৰবিবাৰে মুম্বাইত অনুষ্ঠিত হোৱা এই বিবাহ অনুষ্ঠানত দেশৰ বহু জনপ্ৰিয় তথা প্ৰখ্যাত লোক উপস্থিত আছিল। অনমোল আম্বানীয়ে কৃষা আম্বানীৰ সৈতে বিবাহত বহে।
পৰিয়ালৰ সম্বন্ধ সূত্ৰেই দুয়োৰে চিনাকী হোৱাৰ পাছত দুয়ো একেলগে সময় কটাবলৈ লয় আৰু অৱশেষত বিবাহৰ বান্ধোনত আৱদ্ধ হয়। অনিল আম্বানী আৰু টীনা আম্বানীৰ পুত্ৰৰ এই বিবাহনুষ্ঠানত বচ্চন পৰিয়ালৰ উপস্থিতি ভালকৈয়ে দেখিবলৈ পায় অনুৰাগীয়ে। অমিতাভ কন্যা শ্বেতা নন্দা আৰু নাতিনী নব্যা নবেলীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰা ফটোৱে সকলোকে আকৰ্ষণ কৰিছে।