এপাৰ্ট (APART)ৰ নেতৃত্ব আৰু IIM আহমেদাবাদৰ প্ৰয়োগশালা CIIECO’ৰ সহযোগত অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবে (AAGL)এ সফলতাৰে “পিটছিং আৰু ডেম’ ডে” সম্পন্ন কৰিছে। “ডেম’ ডে” বা প্ৰদৰ্শনীৰ এই প্ৰাৰম্ভিক দিনটোত অংশীদাৰ, চৰকাৰী এজেন্সি, বিত্তীয় প্ৰতিষ্ঠানসমূহ, বিনিয়োগকাৰী আৰু বিশেষকৈ অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেবৰ লগত জড়িত ব্যক্তিসকল উপস্থিত আছিল।
এপাৰ্টৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক ডা০ আশিষ ভূটানী এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উপৰিও উদ্যোগজগতৰ লগত জড়িত অনুষ্ঠানসমূহ যেনে জিলা উদ্যোগ কেন্দ্ৰ, নেডফি, এন আৰ এল, নাবাৰ্ড, এইচ ডি এফ চি বেংক, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক, চি আই আই, ফাইনাৰ (FINER), চেলক’ (SELCO) ফাউণ্ডেচন, মীন বিভাগ, কৃষি বিভাগ, এৰিয়াজ (ARIAS) চচাইটি, ৱাৰ্ল্ড ভেজ, ৱাৰ্ল্ড ফিছ, আই আৰ আৰ আইৰ কেইবাজনো বিশিষ্ট বিষয়া উপস্থিত আছিল। ছি ছি এছ পি এলৰ লগত অংশীদাৰিত্বত চি আই আই ই. চি অ’ই যোৱা ৩০ জুন ২০২১ তাৰিখে মুকলি কৰা এই একছিলাৰেশ্বন কাৰ্য্যসূচী অসমত ৰূপায়ন কৰি আছে।
অনুষ্ঠানত ডা০ ভূটানীয়ে কয় যে, অসম চৰকাৰ ৰাজ্যখনত কৃষি উদ্যমিতাৰ বাবে এক সক্ৰিয় পৰিবেশ গঢ়ি তোলাৰ প্ৰতি বদ্ধপৰিকৰ আৰু সেয়েহে, এপাৰ্টে অসম এগ্ৰিবিজনেছ গ্ৰ’থ লেব কাৰ্য্যসূচীৰ দ্বাৰা ৰাজ্যখনৰ কৃষি প্ৰক্ৰিয়াকৰণ খণ্ডত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ দিশত কাম কৰি আছে। এপাৰ্টে ৰাজ্যখনৰ কৃষিক্ষেত্ৰৰ উদ্যোগীসকলক এই উন্নয়নৰ নেতৃত্ব দিবলৈ উৎসাহ প্ৰদান কৰি আহিছে। এনে এক গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী ৰূপায়নৰ বাবে তেওঁ চি আই আই ই. চি অ’ৰ প্ৰয়াসৰ শলাগ লয়।
অনুষ্ঠানত চি আই আই ই. চি অ’ৰ অংশীদাৰ আৰু ষ্টাৰ্ট-আপৱেচিচৰ মুখ্য কাৰ্য্যবাহী বিষয়া চিন্তন বক্সীয়ে এ এ জি এল কেৱল অসমৰ কৃষি ভিত্তিক উদ্যোগ খণ্ডত উন্নয়নৰ অৰ্থে হাতত লোৱা এক অভূতপূৰ্ব কাৰ্য্যসূচী নহয় ই দেশৰ কৃষিখণ্ড আৰু এম এছ এম ই ক্ষেত্ৰৰ উন্নয়নৰ দিশতো এক পথ প্ৰদৰ্শক হ’ব বুলি কয়। চি আই আই ই. চি অ’ৰ ষ্টাৰ্ট-আপ প্ৰয়োগশালা আৰু উদ্যমিতা ত্বৰান্বিতকৰণৰ বিষয়ত থকা ইয়াৰ পাৰদৰ্শিতাৰ দ্বাৰা ব্যৱসায়িক পৰামৰ্শ প্ৰদান, মূলধন আহৰণ আৰু বিপণনৰ বাবে বজাৰৰ ব্যৱস্থা আদি বিষয়ত অসমৰ কৃষি খণ্ডৰ উদ্যোগীসকলক সহায়তা আগবঢ়াব।
অনুষ্ঠানৰ শেষত অংশগ্ৰহণকাৰীসকলে ALGLৰ উদ্যোগীসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শনী দৰ্শন কৰে। সকলো অংশীদাৰে অসমৰ কৃষি ব্যৱসায় পৰিবেশৰ উন্নয়নৰ দিশত আগবঢ়োৱা বৰঙণিৰ বাবে এপাৰ্টৰ ভূয়সী প্ৰসংশা কৰে আৰু ALGLৰ প্ৰতি অভিনন্দন জ্ঞাপন কৰে।