বৈচিত্ৰপূৰ্ণ ভাৰতীয় সংস্কৃতিত বহু প্ৰজন্ম ধৰি আয়ত্ত হৈ আহিছে বিভিন্ন কলা আৰু কাৰুশিল্পৰ দক্ষতা। জিআই-ৰ বৰ্তমানৰ সংগ্ৰহত নতুনকৈ যোগ হ’ল ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৯ বিধ সামগ্ৰী যেনে অসমৰ গামোচা, তেলেংগানাৰ তাণ্ডুৰ ৰেডগ্ৰাম, লাডাখৰ ৰক্তছেকাৰ্পো এপ্ৰিকট, মহাৰাষ্ট্ৰৰ আলিবাগ বগা পিঁয়াজ ইত্যাদি। ইয়াকে ধৰি ভাৰতৰ মুঠ জিআই টেগত পঞ্জীকৃত সামগ্ৰীৰ সংখ্যা হৈছে ৪৩২ টা। সৰ্বাধিক সংখ্যক জিআই থকা শীৰ্ষৰ ৫ খন ৰাজ্য হৈছে কৰ্ণাটক, তামিলনাডু, উত্তৰ প্ৰদেশ, কৰ্ণাটক আৰু কেৰালা। শেহতীয়াকৈ, চৰকাৰে সজাগতা কাৰ্যসূচীত প্ৰচাৰৰ উদ্দেশ্যে ৩ বছৰৰ বাবে ৭৫ কোটি টকা ব্যয়ৰ অনুমোদন প্ৰদান কৰি জিআই-ৰ প্ৰচাৰত সমৰ্থন জনাইছে।
DPIIT য়ে বিভিন্ন অংশীদাৰৰ সহযোগত কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে য’ত বিশেষ GI সামগ্ৰীয়ে ভাৰতীয় পৰম্পৰা, সংস্কৃতি আৰু উদ্যোগী কাৰ্যকলাপবোৰ একেখন মঞ্চতে উপৱিষ্ট কৰিছে। ইয়াৰ অংশ হিচাপে নতুন দিল্লীৰ ITPO-ত GI পেভিলিয়ন (আহাৰ ২০২২) পাঁচ দিনৰ বাবে (২৬-৩০ এপ্ৰিল ২০২২), ইণ্ডিয়া GI মেলা (২৬-২৮ আগষ্ট ২০২২) ইণ্ডিয়া এক্সপো চেণ্টাৰ আৰু মাৰ্ট, গ্ৰেটাৰ নয়ডাত আয়োজন কৰা হৈছিল। বাৰাণসীৰ বাণিজ্য সুবিধা কেন্দ্ৰত (১৬-২১ অক্টোবৰ ২০২২) এক সাপ্তাহিক GI মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। IITF ২০২২-ত এক বিশেষ GI পেভিলিয়ন স্থাপন কৰা হৈছিল যাক ITPO-য়ে ১৪-২৭ নৱেম্বৰ ২০২২ তাৰিখত নতুন দিল্লীৰ প্ৰগতি ময়দানত আয়োজন কৰিছিল।
দেশৰ ভিতৰত পাৰস্পৰিক সাংস্কৃতিক সমাজ গঢ়ি তোলাত সহায় কৰি এনে কাৰ্যকলাপে কেৱল ৰাজ্যসমূহৰ মাজত বিভিন্ন সামগ্ৰীৰ স্থানান্তৰক উৎসাহিত কৰাই নহয়, বৰঞ্চ ভৱিষ্যতে এক উন্নত অনুনাদশীল সাংস্কৃতিক সমাজ গঢ়ি তোলাত অৰিহণাও যোগায়।