ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়া (RBI)ই পেমেণ্ট বেংক (Paytm)ক নতুন গ্ৰাহক অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে৷ Paytm ত শেহতীয়াকৈ সৃষ্টি হোৱা বেমেজালিৰ বিষয়ে উল্লেখ কৰি তাৎক্ষণিকভাৱে নতুন গ্ৰাহক অন্তৰ্ভুক্তি বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক বিবৃতিযোগে Paytmক তথ্য-প্ৰযুক্তি প্ৰণালীৰ এক ব্যাপক নিৰীক্ষণ কৰাৰ বাবে এখন নিৰীক্ষণ আয়োগ গঠন কৰিবলৈও কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। RBIয়ে নিজৰ ক্ষমতা প্ৰয়োগ কৰি, অন্যান্য বিষয়ৰ সৈতে, বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৯ৰ ধাৰা ৩৫এ-ৰ অধীনত, Paytmক নতুন গ্ৰাহকৰ অন্তৰ্ভুক্তি তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে।
আনহাতে, ‘অনবৰ্ডিং আইটি অডিটৰ’ৰ প্ৰতিবেদন পৰ্যালোচনা কৰাৰ পাছত RBIয়ে প্ৰদান কৰিবলগা নিৰ্দিষ্ট অনুমতি সাপেক্ষেহে Paytmৰ দ্বাৰা নতুন গ্ৰাহকৰ অন্তৰ্ভুক্তিৰ অনুমতি দিয়া হ’ব বুলি জানিব পৰা গৈছে৷