মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে দেশ তথা ৰাজ্যক। বিশেষকৈ ইন্ধনৰ মূল্যবৃদ্ধিক লৈ আৰু হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে সাধাৰণ জনতা। ভূতৰ ওপৰত দানহ পৰাদি, গুৱাহাটীত চিটী বাছৰ ভাড়া অতি সোনকালেই বৃদ্ধি হ’ব পাৰে। শেহতীয়াকৈ মটৰ পৰিবহণ সন্থাই ৭০ শতাংশ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।
পেট্ৰ’ল-ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই প্ৰস্তাৱ গ্ৰহণ কৰিছে মটৰ পৰিবহণ সন্থাই। ইতিমধ্য মটৰ পৰিবহণ সন্থাই পৰিবহণ আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আনহাতে এই সিদ্ধান্তক লৈ ইতিমধ্যে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।