হঠাতে বদৰুদ্দিন আজমললৈ দৰদ(!) উপজিল অসমৰ মুখ্যমন্ত্ৰীৰ! হয়, অগৰুৰ ব্যৱসায় বদৰুদ্দিন আজমলৰ লগতে আন আন কাঠ তথা বনজ সম্পদৰ ব্যৱসায়ীলৈ সকাহ দি তেওঁলোকক অনাহক হাৰাশাস্তি নকৰিবলৈ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়ে।
উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু খেতিয়কে অগৰু খেতি কৰে। ৰাজ্য চৰকাৰে এতিয়াৰে পৰা এনেধৰণেৰে গছৰ বাণিজ্যিক খেতিক উৎসাহিত কৰাৰ লগতে জীৱিকাৰ মাধ্যম হিচাপে লোৱা কৃষকসকলক উৎসাহিত কৰিবলৈ কিছু নতুন নিয়ম গ্ৰহণ কৰিছে। অগৰু আৰু ঘৰৰ বাৰীত বা নিজৰ মাটিৰ ভিতৰত ৰোপণ কৰা অন্যান্য বাণিজ্যিক গছৰ পৰিবহনৰ সময়ত কেতিয়াবা আৰক্ষী আৰু বন বিভাগৰ কৰ্মচাৰীয়ে বাধা প্ৰদান কৰি আহিছে।
তাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিবহন কৰা কাঠ বা সামগ্ৰীবোৰ বনাঞ্চলৰ পৰা চোৰাংকৈ উলিয়াই অনাৰ প্ৰমাণ নাথাকিলে অগৰু আৰু অন্যান্য বাণিজ্যিক গছ কঢ়িয়াই অনা কোনো ব্যক্তি বা বাহনক বাধা নিদিবলৈ আৰক্ষী আৰু বন বিভাগৰ বিষয়াসকললৈ নিৰ্দেশনা জাৰি কৰিছে।
কৃষকসকলে যাতে কোনো পৰিবহন প্ৰক্ৰিয়াত কোনো ধৰণৰ অযথা হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ যথোচিত ব্যৱস্থা লবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী তথা সংশ্লিষ্ট বিভাগলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে।