ডেটা এনালাইটিক্স আৰু ডিচিশ্যনিং কোম্পানীসমূহৰ ভিতৰত অন্যতম আৰু ক্ৰেডিট ইনফৰ্মেশ্যন কোম্পানী (ৰেগুলেচন) আইন, 2005-ৰ অধীনত ভাৰতত অনুজ্ঞাপত্ৰ লাভ কৰা প্ৰথমটো ক্ৰেডিট ব্যুৰো এক্সপেৰিয়ান ইণ্ডিয়াই এনে এটা সেৱা ঘোষণা কৰিছে যি ভাৰতীয় গ্ৰাহকসকলক WhatsAppত তেওঁলোকৰ ক্ৰেডিটস্কোৰ বিনামূলীয়াকৈ পৰীক্ষা কৰিবৰ বাবে সুবিধা কৰি দিছে – ভাৰতৰ কোনো এটা ক্ৰেডিটব্যুৰোৱে প্ৰথমবাৰৰবাবে এনে একসেৱা আগবঢ়াইছে।গ্ৰাহকসকলে এতিয়া তেওঁলোকৰ এক্সপেৰিয়ান ক্ৰেডিট প্ৰতিৱেদন নিয়মিতভাৱে পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ ক্ৰেডিট পৰ্টফলিঅ’ সহজেই নিৰীক্ষণ কৰিব পাৰিব।
এই পদক্ষেপত যিকোনো ঠাইতে, যিকোনো সময়তে কোনো এজনলোকৰ এক্সপেৰিয়ান ক্ৰেডিট প্ৰতিৱেদন লাভ কৰাৰ এক ক্ষিপ্ৰ, নিৰাপদ আৰু সুবিধাজনক উপায় আগবঢ়োৱা হৈছে।গ্ৰাহকসকলে তেওঁলোকৰ এক্সপেৰিয়ান ক্ৰেডিট প্ৰতিৱেদন পৰীক্ষা কৰিব পাৰে, কিবা অনিয়ম হৈছে নেকি তাক লক্ষ্য কৰি থাকিব পাৰে, তৎক্ষণাত জালিয়াতি ধৰা পেলাব পাৰে আৰু তেওঁলোকৰ নিজৰ ক্ৰেডিট প্ৰফাইলৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰাত সক্ষমিত কৰি তেওঁলোকৰ ক্ৰেডিট স্কোৰ পুনৰ প্ৰস্তুত কৰিব পাৰে। ভাৰতত বিশ্বৰ ভিতৰতে WhatsAppৰ সৰ্বাধিক সংখ্যক 487.5 মিলিয়ন ব্যৱহাৰ কৰ্তা আছে – ভাৰতীয় গ্ৰাহকসকলৰ বাবে WhatsApp মেছেজিং সেৱা হৈছে দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ।
এক্সপেৰিয়ান ইণ্ডিয়াৰ কাউন্ট্ৰী মেনেজাৰ নীৰজ ধাৱানে কয় যে, “তথ্য পাতি ভাল কামত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এক্সপেৰিয়ানৰ এই অভিযানত ই হৈছে এক উল্লেখযোগ্য মাইলৰ খুঁটি।আমি বিচাৰোঁ গ্ৰাহকসকলে ঋণৰ তথ্য সহজে লাভ কৰক আৰু ভাৰতত এক শক্তিশালী ঋণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলক।এনে সেৱা আগবঢ়োৱা ভাৰতৰ প্ৰথমটো ক্ৰেডিট ব্যুৰো হিচাপে, ভাৰতত বিত্তীয় অন্তৰ্ভুক্তিক আগুৱাই নিয়াৰ প্ৰতি থকা আমাৰ দায়বদ্ধতাৰ কথাকেই প্ৰকাশ কৰে। এক্সপেৰিয়ানত, আমি প্ৰতিজন গ্ৰাহকে ন্যায্য আৰু সুলভমূল্যত ঋণৰ সুবিধা লাভ কৰিবৰ বাবে যোগ্য বুলিয়েই বিশ্বাস কৰোঁ। WhatsAppৰ জৰিয়তে বিনামূলীয়াকৈ ক্ৰেডিট স্কোৰ পৰীক্ষা কৰিবলৈ সক্ষম হোৱাৰ জৰিয়তে ভাৰতীয় গ্ৰাহকে তেওঁলোকৰ ক্ৰেডিটৰ তথ্য বাস্তৱ সময়ত লাভ কৰিব পাৰে, যি তেওঁলোকক ক্ৰেডিটৰ তথ্য সমৃদ্ধ সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে, অলপ অলপকৈ এটা ভাল আৰ্থিক অভ্যাস গঢ়ি তুলিব পাৰে, আৰু এক উত্তম ক্ৰেডিট স্কোৰ বৰ্তাই ৰখাৰ সুবিধাবোৰ উপভোগ কৰিব পাৰে – নিজৰ বিত্তীয় অৱস্থা উন্নত কৰি তোলাৰ ক্ষেত্ৰত তেওঁলোকক সবল কৰি তোলাৰ লগতে তেওঁলোকৰ জীৱনযাত্ৰা সলাই পেলাব পাৰে।”
গ্ৰাহকসকলে কেইটামান সহজ পদক্ষেপ পালন কৰি WhatsAppৰ যোগেদি বিনামূলীয়াকৈ নিজৰ ক্ৰেডিটস্কোৰ পৰীক্ষা কৰিব পাৰিব:
• এক্সপেৰিয়ান ইণ্ডিয়াৰ WhatsApp নম্বৰ +91-9920035444 লৈ ‘Hey’ লিখি প্ৰেৰণ কৰক নাইবা পৰিদৰ্শন কৰক :https://wa.me/message/LBKHANJQNOUKF1
• OR Scan Barcode
• কেইটামান সাধাৰণ তথ্য যেনে আপোনাৰ নাম, ই-মেইল আই ডি, আৰু ফোন নম্বৰ শ্বেয়াৰ কৰক।
• WhatsApp-ৰ জৰিয়তে আপোনাৰ এক্সপেৰিয়ান ক্ৰেডিট স্কোৰ নিমিষতে লাভ কৰক।
• এক্সপেৰিয়ান ক্ৰেডিট প্ৰতিৱেদনৰ এটা পাছৱৰ্ড-সুৰক্ষিত প্ৰতিলিপি পঠিয়াবলৈঅনুৰোধ কৰক যাক আপোনাৰ পঞ্জীয়নভুক্ত ই-মেইল আইডিলৈ প্ৰেৰণ কৰা হ’ব।