কভিড-১৯ মহামাৰীৰ ভয়াৱহ প্ৰভাৱ কমি অহাৰ লগে লগে আমি কৰ্ম আৰু বিনোদন অবসৰ দুয়োটা দিশতে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে। আনহাতে যোগাযোগ ব্যৱস্থাটো সহজ আৰু বোধগম্য কৰি তুলিবলৈ অগ্ৰণী মবাইল কোম্পানী এয়াৰটেলে মুকলি কৰিছে ‘এয়াৰটেল ৱৰ্ল্ড পাছ’। ৱৰ্ল্ড পাছে সকলো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ সুবিধাত বৈপ্লৱিক ৰূপান্তৰ আনিছে আৰু ই ১৮৪ খন দেশত নিৰৱচ্ছিন্নভাৱে কাম কৰে। যদি কোনো এজন পৰ্যটক দুখনৰ অধিক দেশলৈও যায় তেন্তে এতিয়া এটা পেকে তেওঁৰ ৰোমিংঙৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰিব। এয়াৰটেলে এতিয়া এয়াৰটেল ৱৰ্ল্ড পাছ মুকলি কৰি আন্তঃৰাষ্ট্ৰীয় ৰোমিংঙৰ সমস্যাটো গাঁথনিগতভাৱে সমাধান কৰিছে।
এই সন্দৰ্ভত ভাৰতী এয়াৰটেলৰ কনজিউমাৰ বিজনেছৰ সঞ্চালক, শশৱত শৰ্মাই কয়, “এয়াৰটেলত আমাৰ লক্ষ্য হৈছে গ্ৰাহকৰ সমস্যা সমাধান কৰা যাতে আমাৰ সেৱাই নিজৰ কথা কয়। আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সম্পৰ্কীয় আমাৰ গ্রাহকৰ উদ্বেগ আৰু প্রতিক্রিয়াৰ ভিত্তিত আমি এয়াৰটেল ৱৰ্ল্ড পাছ মুকলি কৰিবলৈ বাধ্য হৈছো বুলি শশবত শৰ্মাই সদৰি কৰিছে। উল্লেখযোগ্য যে কোম্পানীৰ সূত্ৰই সদৰি কৰা অনুসৰি সঘনাই বিদেশ ভ্ৰমণ কৰা আৰু দীৰ্ঘদিনীয়া গ্ৰাহকৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছে প্ৰিপেইড আৰু পোষ্টপেইড পেক। যিয়ে সুলভ মূল্যত ১ বছৰলৈকে গ্ৰাহকক বৈধতা প্ৰদান কৰে।। ইয়াৰ উপৰিও গ্ৰাহকৰ হাতত জৰুৰীকালীন ব্যৱহাৰ আৰু মেচেজিং এপ্লিকেচনৰ বাবে আনলিমিটেড ডাটা উপলব্ধ হব।