মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰাৰ মাজতেই আহিছে এটা ভাল খবৰ।আজিৰে পৰা হ্ৰাস পালে গেছ চিলিণ্ডাৰৰ মূল্য। LPG চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছে। অৱশ্যে, মূল্যৰ এই হ্ৰাস কেৱল বাণিজ্যিক চিলিণ্ডাৰৰ ক্ষেত্ৰতহে কৰা হৈছে। আনহাতে ঘৰুৱা LPG ১৪.২ কিলোগ্ৰাম পূৰ্বৰ দামতে বিক্ৰী হৈ আছে।
আজিৰে পৰা দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৯১.৫০ টকা, কলকাতাত ১০০ টকা, মুম্বাইত ৯২.৫০ টকা, চেন্নাইত ৯৬ টকালৈ হ্ৰাস পাইছে। এনে ধৰণৰ মূল্য হ্ৰাস প্ৰায় দেশৰ কেইবাখনো ৰাজ্যত হৈছে।
উল্লেখ্য যে, ঘৰুৱা ছিলিণ্ডাৰৰ ক্ষেত্ৰত মূল্যৰ কোনো হ্ৰাস বৃদ্ধি হোৱা নাই। ৬ জুলাইৰ পৰা এটা দামতে বিক্ৰী হৈ আছে ঘৰুৱা ছিলিণ্ডাৰৰ মূল্য।