ব্যৱসায়ীসকলৰ দৈনন্দিন ব্যৱসায়িক প্ৰয়োজনীয়তা পূৰণৰ বাবে ডিজাইন কৰা এক বিস্তৃত পেমেণ্ট আৰু বেংকিং সমাধান স্মাৰ্ট হাব ব্যাপাৰ মাৰ্চেণ্ট এপ মুকলি কৰাৰ কথা ঘোষণা কৰে ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত খণ্ডৰ বেংক HDFC বেংকে। মুম্বাইত অনুষ্ঠিত এক অনুষ্ঠানত পেমেণ্টছ বিজনেছ, ডিজিটেল এণ্ড আই টিৰ গ্ৰুপ হেড পৰাগ ৰাও, শাখা বেংকিঙৰ গ্ৰুপ হেড অৰবিন্দ ভোহৰা, HDFC বেংকৰ মুখ্য ডিজিটেল বিষয়া অঞ্জনী ৰাথোৰ আৰু মুখ্য তথ্য ৰমেশ লক্ষ্মীনাৰায়ণে এই মাৰ্চেণ্ট এপটো প্ৰদৰ্শন কৰে কালি HDFC বেংকৰ বিষয়া।
স্মাৰ্টহাব ব্যাপাৰে HDFC বেংকৰ গ্ৰাহকসকলৰ বাবে তৎক্ষণাত, ডিজিটেল আৰু কাগজবিহীন ব্যৱসায়ী অন-বৰ্ডিঙৰ সুবিধা প্ৰদান কৰে আৰু ব্যৱসায়ীসকলক একাধিক পেমেণ্ট মোডৰ মাজেৰে আন্তঃকাৰ্য্যকৰী পেমেণ্ট গ্ৰহণ কৰাৰ অনুমতি দিয়ে য’ত কাৰ্ড – টেপ এণ্ড পে, UPI আৰু QR ক’ড অন্তৰ্ভুক্ত কৰা হৈছে। ব্যৱসায়ীসকলে মোবাইল বা ইমেইলৰ জৰিয়তে পেমেণ্ট লিংক প্ৰেৰণ কৰিও দূৰৱৰ্তী পেমেণ্ট গ্ৰহণ কৰিব পাৰে যাতে নন ফেচ টু ফেচ সংগ্ৰহৰ সুবিধা হয়।
ব্যৱসায়ীসকলৰ লেনদেনৰ উদ্বেগ হ্ৰাস কৰিবলৈ স্মাৰ্টহাব ব্যাপাৰত ব্যৱসায়ীক সফল লেনদেনৰ বিষয়ে অৱগত কৰা এটা ইনবিল্ট ভয়েচ বৈশিষ্ট্যৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত ভয়েচ-ভিত্তিক জাননী লাভ কৰিবলৈ এটা সুকীয়া ডিভাইচ থকাৰ প্ৰয়োজনীয়তাকে ধৰি অন্য কোনো উপায়ৰ জৰিয়তে লেনদেন অনুসৰণ কৰাৰ প্ৰয়োজনীয়তা নাইকিয়া হৈছে। বেংকিং ফ্ৰণ্টত ব্যৱসায়ীসকলে ফিক্সড ডিপজিট মুকলি কৰা, পূৰ্ব অনুমোদিত ঋণ আৰু ক্ৰেডিট কাৰ্ডৰ দ্ৰুত প্ৰৱেশৰ দৰে বেংকিং সেৱাৰ সুবিধা লাভ কৰে। ব্যৱসায়ীসকলে তেওঁলোকৰ বেংক একাউণ্টত জমা কৰা সকলো স্মাৰ্ট হাব ব্যাপাৰ লেনদেনৰ ৰিয়েল টাইম ভিউও লাভ কৰিব পাৰিব। UPI ৰ জৰিয়তে লাভ কৰা পেমেণ্টসমূহ বেংক একাউণ্টত তৎক্ষণাত জমা কৰিব পাৰি যাৰ ফলত ব্যৱসায়ীসকলে বিক্ৰীৰ ৰচিদসমূহৰ তৎক্ষণাত প্ৰৱেশ কৰাটো নিশ্চিত কৰিব পাৰি।