HDFC বেংক ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (NRLM)ৰদ্বাৰা SHG লিংকেজৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বেংক হিচাপে বিবেচিত হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী গিৰিৰাজ সিঙে HDFC বেংকৰ বহনক্ষম জীৱিকা উদ্যোগৰ মুৰব্বী কে ভেংকটেশক এই বঁটাটি প্ৰদান কৰে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (NRLM) ৰদ্বাৰা SHGসমূহৰ ক্ষেত্ৰত কৰা উল্লেখনীয় কামৰ বাবে সম্বৰ্ধনা জনোৱা HDFC বেংক ব্যক্তিগত খণ্ডৰ একমাত্ৰ বেংক আছিল।
আত্মসহায়ক গোট (SHG) হৈছে এক গোটভিত্তিক ঋণ প্ৰদানৰ মডেল য’ত মহিলা উদ্যোগীসকলৰ এটা গোট চমু-সময় (small-time) ৰ ঋণৰ বাবে একত্ৰিত হয়, ইয়াত পৰিশোধ কৰাটো হৈছে গোটটোৰ প্ৰতিজন সদস্যৰে এক সামূহিক দায়িত্ব। আত্মসহায়ক গোটে গোট সংহতি আৰু বন্ধনৰ ধাৰণাটোত গুৰুত্ব আৰোপ কৰে। এই গাঁথনিৰ বাবে, SHG হৈছে শক্তিশালী গোট লিংকেজৰে এক বিকশিত গোট। এই গাঁথনিক আধাৰ কৰি, ভাৰত চৰকাৰে ২০১১ ত দৰিদ্ৰতা নিৰ্মূল প্ৰকল্প হিচাপে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (NRLM) ৰ শুভাৰম্ভ কৰিছিল। গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনত ভাৰত চৰকাৰে ৰূপায়ণ কৰা এনআৰএলএমৰ গুৰুত্ব হৈছে স্ব-নিয়োজনক প্ৰোৎসাহিত কৰা আৰু গ্ৰামাঞ্চলৰ দৰিদ্ৰ লোকসকলৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰা।
NRLMৰ অংশ হিচাপে, HDFC বেংকে সমাজৰ বেংকবিহীন আৰু বেংকৰে কম সম্পৰ্ক থকা শ্ৰেণীৰ ৪.৫ লাখৰো অধিক ব্যক্তিক বিত্তীয় সেৱা আগবঢ়াইছে। বেংকটোৱে অসম, ছত্তীশগড়, মহাৰাষ্ট্ৰ, পঞ্জাৱ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ— এই ছখন ৰাজ্যৰ ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৈতে বুজাবুজিৰ চুক্তি (MoU) ত স্বাক্ষৰ কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত, বেংকটোৱে ফেব্ৰুৱাৰী, ২০২২ লৈ ১,০০০ কোটিৰোধিক টকাৰ অগ্ৰিম ধন আগবঢ়াইছে।