জনতাৰ ওপৰত পুনৰ মাধমাৰ দি আজিৰে পৰা পেট্ৰ’ল ডিজেলৰ লগতে বৃদ্ধি হ’ল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূ্ল্য। ৫০ টকাকৈ বৃদ্ধি ৰন্ধন গেছৰ মূল্য। ইয়াৰ পূৰ্বে ২০২১ চনৰ ৬ অক্টোবৰত বৃদ্ধি হৈছিল মূল্য।
তথ্য অনুসৰি, দিল্লীত ১৪.২ কিলোগ্ৰাম ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৮৯৯.৫০ টকাৰ পৰা ৯৪৯৬.৫ টকা হয়গৈ। মুম্বাইত ৯৪৯.৫০ টকা, কলকাতাত ৯৭৬ টকা, চেন্নাইত ৯৬৫.৫০ টকা।
ঠিক তেনেদৰে দেশৰ প্ৰতিখন ৰাজ্যতে বৃদ্ধি হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই ইন্ধনৰ মূল্যত প্ৰভাৱ পৰিব বুলি আশংকা কৰিছিল একাংশই।