সৰ্বকালৰ সৰ্বনিম্ন স্তৰত উপণীত হ’ল ডলাৰৰ বিপৰীতে টকাৰ মূল্য। বৰ্তমান ডলাৰৰ বিপৰীতে টকাৰ মূল্য অৱনমিত হৈছে ৭৭.৭৮ টকালৈ৷ দেশৰ বিধ্বস্ত অৰ্থনীতিৰ প্ৰতিফলন ঘটাই ভাৰতীয় টকাৰ পতন অব্যাহত আছে৷ বিমুদ্ৰাকৰণ আৰু ক’ভিডজনিত পৰিস্থিতিৰ পাছত ভাৰতীয় অৰ্থনীতিয়ে ক্ৰমশ: জুৰুলা হৈ গৈ থকাৰ সময়তে ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাসে চিন্তিত কৰিছে দেশৰ অৰ্থনীতিবিদসকলক৷
বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮ পইচা হ্ৰাস হৈ ৭৭.৭৬ (অস্থায়ী) হয়৷ খাৰুৱা তেলৰ বৰ্ধিত মূল্য আৰু নিৰন্তৰ বিদেশী মূলধনৰ প্ৰবাহৰ বাবে এইদৰে টকাৰ মূল্য অৱনমিত হৈছে বুলি জানিব পৰা গৈছে৷ আন্ত:বেংক বৈদেশিক মুদ্ৰা বজাৰত, টকা গ্ৰীণবেকৰ বিপৰীতে ৭৭.৭৪ত হ্ৰাস পাইছিল আৰু অৱশেষত ৭৭.৭৬ত থিতাপি লৈছিল৷
উল্লেখ্য যে, বিশ্বব্যাপী তেলৰ মান ব্ৰেণ্ট ক্ৰুড ফিউচাৰ ০.২৩ শতাংশ হ্ৰাস হৈ প্ৰতি বেৰেলত ১২৩.২৯ ডলাৰলৈ হ্ৰাস পাইছে। ঘৰুৱা ইকুইটি বজাৰৰ ক্ষেত্ৰত, ৩০-শ্বেয়াৰ বিএছই চেঞ্চেক্স ৪২৭.৭৯ পইণ্ট বা ০.৭৮ শতাংশ বৃদ্ধি হৈ ৫৫,৩২০.২৮ত সমাপ্ত হয়৷ আনহাতে বহল এনএছই নিফটি ১২১.৮৫ পইণ্ট বা ০.৭৪ শতাংশ বৃদ্ধি হৈ ১৬,৪৭৮.১০ হয়।
ষ্টক এক্সচেঞ্জৰ তথ্য অনুসৰি, বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰীসকলে বুধবাৰে মূলধন বজাৰত নিট বিক্ৰেতা হৈ আছিল কিয়নো তেওঁলোকে ২,৪৮৪.২৫ কোটি টকাৰ শ্বেয়াৰ অফলোড কৰিছিল।