সাধাৰণ জনতাৰ মূৰত জাপি দিয়া মূল্যবৃদ্ধিৰ মাজতে ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ইন্ধনৰ মূল্য। দৈনিক বৃদ্ধি কৰা হৈছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। দৈনিক এইদৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধিয়ে এনে এক পৰ্যায়ত উপনীত হৈছে যে সাধাৰণ জনতাক এই খবৰ নিদিলেও সকলোৱে ইয়াক আগতীয়াকৈ অনুমান কৰিব পৰা হৈছেগৈ। শনিবাৰে পুনৰ বৃদ্ধি কৰা হ’ল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। ইয়াৰ লগে লগে বিগত ১২ টা দিনৰ ভিতৰত মাত্ৰ ২ দিন বাদ দি ১০ দিনেই পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। ১ এপ্ৰিল, শুকুৰবাৰৰ পৰা ৮০০ বিধ জীৱন দায়িনী ঔষধকে ধৰি প্ৰায় সকলোবোৰ সামগ্ৰীৰে মূল্য বৃদ্ধি হোৱাৰ পিছত সাধাৰণ জনতাই বাৰুকৈয়ে অনুভৱ কৰিছে মূল্য বৃদ্ধিৰ প্ৰকোপ।
আজি দেশৰ বিভিন্ন চহৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৭৬ পইছাৰ পৰা ৮৫ পইছা পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইয়া ফলত ৰাজধানী দিল্লীত পেট্ৰ’লৰ মূল্যই ১০২. ৬১ টকা হোৱাৰ লগতে ডিজেলৰ মূল্য হৈছেগৈ ৯৩.৮৭ টকা। কলকাতাত পেট্ৰ’লৰ মূল্য হৈছেগৈ ১১২.১৯ টকা, ডিজেলৰ মূল্য ৯৭.০২ টকা। মুম্বাইত পেট্ৰ’লৰ মূল্য ১১৭.৫৭ হোৱাৰ লগতে ডিজেলৰ মূল্য হৈছেগৈ ১০১.৭৯ টকা। একেদৰে চেন্নাইত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য হৈছে ১০৮.২১ টকা। আনহাতে গুৱাহাটী মহানগৰত শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যত ৮৫ পইছা বৃদ্ধি পাইছে। ইয়াৰ ফলত গুৱাহাটীত পেট্ৰ’লৰ মূল্য হৈছে ১০২.৫৭ টকা আৰু ডিজেলৰ মূল্য হৈছে ৮৮.৪৬ টকা।