আজি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ (RIL) অধ্যক্ষ আৰু পৰিচালনা সঞ্চালক মুকেশ আম্বানীয়ে কোম্পানীৰ বাৰ্ষিক সভাত (AGM) জিঅ’ 5G নেটৱৰ্কৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি কয় যে এই বছৰৰ দেৱালীতে দেশৰ মহানগৰ সমূহকে ধৰি বহুতো মুখ্য চহৰত ৫জি নেটৱৰ্ক সুবিধা উপলব্ধ হ’ব।
আগন্তুক দেৱালীত JIO’ই দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাইৰ দৰে মহানগৰৰ উপৰিও দেশৰ বহুতো মুখ্য চহৰত ৫জি সেৱা আৰম্ভ কৰিব আৰু ইয়াৰ পিছত, পৰ্যায়ক্ৰমে, দেশৰ অন্যান্য চহৰসমূহতো ইয়াক দ্ৰুতগতিত সম্প্ৰসাৰিত কৰি ১৮ মাহত অৰ্থাৎ ডিচেম্বৰ ২০২৩-ৰ ভিতৰত, জিঅ’ৰ ৫জি সেৱা দেশৰ সকলো স্থানতে উপলব্ধ হ’ব বুলি মুকেশ আম্বানীয়ে জনায়।
তেওঁ লগতে কয়, “JIO ই আগবঢ়োৱা 5G নেটৱৰ্ক টো এটা অ-ষ্টেণ্ডএলোন 5G নেটৱৰ্ক হ’ব, যিটো ইয়াৰ শেহতীয়া সংস্কৰণ আৰু ই বিশ্বৰ দ্ৰুততম নেটৱৰ্কও প্ৰদান কৰিব।” ই কেৱল আটাইতকৈ উন্নত 5G নেটৱৰ্ক নহয়, লগতে সৰ্ববৃহৎ ও হ’ব। বিশেষ কথাটো হ’ল সমগ্ৰ নেটৱৰ্কটো কেৱল 5জি ৰ বেণ্ডৰ পৰা উপলব্ধ কৰা হ’ব, ইয়াত 4G ৰ কোনো সহায় লোৱা নহ’ব। 5G নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে বহুতো উন্নত কভাৰেজ, ক্ষমতা, মানদণ্ড আৰু সুলভ নেটৱৰ্ক লাভ কৰিব।