এল জি ইলেক্ট্ৰনিকছে (LG) শেহতীয়া জীৱনশৈলী সমাধানৰ প্ৰযুক্তিগত আৰু ডিজাইনৰ উৎকৰ্ষতাৰ বাবে স্বীকৃতি লাভ কৰি বহুকেইটা- দুটা ডজনতকৈ অধিক CES ২০২৩ উদ্ভাবনী বঁটাৰে সন্মানীত কৰা হয়। কম্পিউটাৰ পেৰিফেৰেল, গেমিং আৰু ভিডিঅ’ ডিসপ্লে শাখাত L G অ’ এল ই ডিৰ বাবে তিনিটা আকাংক্ষিত বেষ্ট অৱ ইনোভেচন, পুৰস্কাৰৰো এই বঁটাত অন্তর্ভুক্ত কৰা হৈছে।
প্ৰতি বছৰে কনজিউমাৰ টেকন’লজি এছ’চিয়েশ্যনে (চিটিএ) চিইএছৰ আঁৰৰ সংস্থা’ ৰ দ্বাৰা প্ৰদান কৰা ই এক বিশ্বৰ সৰ্ববৃহৎ বাৰ্ষিক কনজিউমাৰ ইলেক্ট্ৰনিক্স ট্ৰেডশ্ব। চিইএছ উদ্ভাবনী বঁটা কাৰ্যসূচীয়ে বহুসংখ্যক ডিভাইচ আৰু প্ৰযুক্তি বিভাগৰ উদ্ভাৱনীমূলক গ্ৰাহক সামগ্ৰী আৰু সেৱাসমূহক স্বীকৃতি প্রদান কৰে।
চি ই এছ ২০২৩ ত এল জিয়ে লাভ কৰিবলগীয়া ২৮টা সন্মানৰ ভিতৰত ১০টা সন্মান লাভ কৰে এল জি অ’ এল ই ডি টিভি য়ে। কোম্পানীটোৰ চেল্ফ-লাইট (self -lite) টিভিসমূহে CES ইনোভেচন বঁটা একেৰাহে ১১ বছৰ লাভ কৰে । বিভিন্ন উদ্ভাৱনীমূলক প্রযুক্তিৰে সৈতে গ্ৰাহকক বিভিন্ন ধৰণৰ দৰ্শনৰ অভিজ্ঞতা প্ৰদান কৰা এল জি অ’ এল ই ডি টিভিসমূহক ইয়াৰ ব্যতিক্ৰমী ছবিৰ মানদণ্ডৰ বাবে বিশ্বজুৰি গ্ৰাহকে মূল্যৱান বুলি গণ্য কৰে। এই চেল্ফ-লাইট (self -lite) টিভিসমূহে, স্পন্দনশীল, সঠিক ৰং, গভীৰ ক’লা আৰু অসীম কনট্ৰাষ্ট প্ৰদান কৰে।
৮৮ ইঞ্চিৰ LG চিগনেচাৰ অ’ এল ই ডি ৮ কে টিভিক তিনিটা শাখাত স্বীকৃতি দিয়া হয়, লগতে উদ্দীপিত কৰা অতি বৃহৎ ৯৭ ইঞ্চিৰ অ’ এল ই ডি আৰু এল জি অ’ এল ই ডি ফ্লেক্স, বিশ্বৰ প্ৰথমটো বেকা কৰিব পৰা ৪২ ইঞ্চিৰ অ’ এল ই ডি স্ক্ৰীণৰ যুগান্তকাৰী টিভিয়ে দুটাকৈ সন্মান লাভ কৰিছিল। চি ই এছ ২০২৩ ইনোভেচন বঁটা বিজয়ী হিচাপে নিৰ্বাচিত LG ৰ ঘৰুৱা সঁজুলিসমূহৰ ভিতৰত আছে বায়ু বিশুদ্ধকৰণৰ নতুন ধাৰণা এল জি পিউৰিকেয়াৰ এৰো ফাৰ্নিচাৰ। লগতে সন্মানিত হৈছে ষ্টীম মপৰ সৈতে প্ৰিমিয়াম এল জি কৰ্ডজিৰ’ অল-ইন-ৱান টাৱাৰ।
আন আন বিজয়ী সামগ্ৰীৰ ভিতৰত আছে এল জি ৱাছটাৱাৰ কম্পেক্ট, এল জি আল্ট্ৰাগিয়াৰ অ’ এল ই ডি গেমিং মনিটৰ আৰু এল জি এক্সবুম ৩৬০ ব্লুটুথ স্পীকাৰ চিষ্টেম। এল জিৰ চি ই এছ ২০২৩ ইনোভেচন বঁটা লাভকাৰীৰ সম্পূৰ্ণ তালিকা চি ই এছ ২০২৩ (৫-৮ জানুৱাৰী, ২০২৩)ত ঘোষণা কৰা হ’ব।