প্ৰতি ডলাৰৰ বিপৰীতে ৮০ টকাৰ সীমা অতিক্ৰম কৰিলে ভাৰতীয় টকাৰ মূল্যই। যোৱা এটা বছৰত ভাৰতীয় টকাৰ মূল্য প্ৰায় সাত শতাংশ হ্ৰাস পাইছে। ভাৰতীয় মুদ্ৰা মঙলবাৰে মুকলি বজাৰত প্ৰতি ডলাৰত ৮০.০১৭৫ টকা পালেগৈ।
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অলপতে কৈছিল যে, ২০১৪ চনৰ ডিচেম্বৰৰ পৰা আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ২৫ শতাংশলৈকে হ্ৰাস পাইছে। সীতাৰমণে লগতে উল্লেখ কৰিছিল যে, শেহতীয়াকৈ টকাৰ মূল্য হ্ৰাস আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি আৰু ফেব্ৰুৱাৰীৰ পৰা ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বাবে হৈছে।
আনহাতে, GST বোৰ্ডৰ ৪৭ সংখ্যক বৈঠকত একাধিক অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত GST ৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ ফলত ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিবলৈ অধিক বোজা জাপি দিয়া হৈছে জনতাৰ ওপৰত।