পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন শেষ হ’ল আৰু এতিয়া অৱধাৰিত ভাৱেই আৰম্ভ হৈছে মূল্যবৃদ্ধিৰ আনুষ্ঠানিক প্ৰক্ৰিয়া। মঙলবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম লিটাৰত ৮০ পইচাকৈ বঢ়োৱাৰ লগতে ঘৰুৱা ৰন্ধন গেছৰ দামো প্ৰতি চিলিণ্ডাৰত ৫০ টকাকৈ বঢ়োৱাৰ ফলত এতিয়া ঘৰুৱা চিলিণ্ডাৰ এটাৰ দাম প্ৰায় এহাজাৰ টকা হৈছেগৈ। ভয়ানক কথাটো হ’ল মূল্যবৃদ্ধিৰ মাজতে চৰকাৰে তীব্ৰগতিত কমাই আনিছে এলপিজিত থকা ৰাজসাহায্য৷ ফলত সৰ্বসাধাৰণে কোনো সকাহ পোৱা নাই। অৰ্থাৎ মূল্যবৃদ্ধিৰ সময়ত নাগৰিকক সকাহ দিবলৈ থকা ব্যৱস্থাটোকো মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে৷
চৰকাৰী তথ্য মতে, ২০১৯চনত এলপিজিত চৰকাৰে দিয়া ৰাজসাহায্য আছিল ৩৭,৫৮৫ কোটি টকা। এই পৰিমাণ ২০২১ত হয়গৈ মাত্ৰ ২৭০৬ কোটি টকা। এলপিজি ব্যৱহাৰ কৰা দেশৰ ৩৯ কোটি পৰিয়ালক দাম বৃদ্ধিৰ পাছত ৰাজসাহায্যও কৰ্তন কৰি জনসাধাৰণক মাধমাৰ দি থকা হৈছে। আনহাতে বিগত ৫ বছৰতে এলপিজিৰ মূল্য প্ৰায় ১০০ শতাংশ বৃদ্ধি পাইছে৷ শেহতীয়া দাম বৃদ্ধিৰ পূৰ্বে ৯০০ টকীয়া এলপিজিত ৰাজসাহায্য আছিল মাত্ৰ ৪০ টকা৷
ৰাজহুৱা তেল কোম্পানীবোৰে গ্ৰাহকক দিয়া ৰাজসাহায্য বিশ্লেষণ কৰিলেই ওলাই পৰে কিদৰে মূল্যবৃদ্ধিৰ অনুপাতে ৰাজসাহায্য বৃদ্ধি কৰাৰ সলনি কমাই আনি ৰাইজক অধিক বোজা জাপি দিয়া হৈছে। Indian oil corporationএ ২০১৮-১৯ত ৰাজসাহায্য দিছিল ১৮৬৬৩ কোটি টকা৷ ২০২১-২২চনত এয়া হয়গৈ মাত্ৰ ১৩৬৯কোটি টকা৷ একেদৰে হিন্দুস্তান পেট্ৰ’লিয়ামে ২০১৮-১৯ত ৰাজসাহায্য দিছিল ৯৩৩৭ কোটি টকা। ২০২১-২২ত এয়া হয়গৈ মাত্ৰ ৭১৬ কোটি টকা ৷
ৰাজসাহায্য কৰ্তন কৰি ৰাইজক মাধমাৰ দি হাজাৰ হাজাৰ কোটি টকা ৰাহি কৰিছে কোম্পানীসমূহে৷ তাৰ পাছতো আন্তঃৰাষ্ট্ৰীয় বজাৰত তেল আৰু গেছৰ দাম বঢ়াৰ বাবেহে এই কোম্পানীবোৰে দাম বৃদ্ধি কৰিছে বুলি কোৱাটো যথেষ্ট চিন্তনীয়।