ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত বিশেষ সামৰিক অভিযান কৰাৰ দিনৰে পৰা পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ ওপৰত বিভিন্ন প্ৰতিবন্ধকতা আৰোপ কৰি আহিছে। শেহতীয়াকৈ মাইক্ৰ’ছফ্ট, এপল, ডেল আদি জনপ্ৰিয় কোম্পানীয়ে দেশখনৰ সৈতে বানিজ্যিক সম্পৰ্ক ছিন্ন কৰাৰ কথা ঘোষণা কৰিছে।
মাইক্ৰ’ছফ্ট কোম্পানীৰ ফালৰ পৰা শুক্ৰবাৰে কোৱা হৈছে যে, কোম্পানীটোৱে ৰাছিয়াত ইয়াৰ সামগ্ৰী আৰু সেৱাৰ নতুন বিক্ৰী স্থগিত ৰাখিছে। পূৰ্বে কেইবাটাও কোম্পানীয়ে তেওঁলোকৰ বানিজ্যিক সম্পৰ্ক শেষ কৰাৰ কথা ঘোষণা কৰাৰ পাছত মাইক্ৰ’ছফ্টৰ ঘোষণাই ৰাছিয়াৰ পৰা নিজকে আঁতৰাই ৰখা শেহতীয়া পশ্চিমীয়া কোম্পানী হিচাপে চিহ্নিত হৈ পৰিছে।
কেইবাটাও মুখ্য কোম্পানী, যাৰ ভিতৰত আছে এপল, নাইক(NIKE) আৰু ডেল টেকন’লজিয়েও ৰাছিয়াৰ সৈতে সম্পৰ্ক ছিন্ন কৰিছে, কিয়নো পশ্চিমীয়া ৰাষ্ট্ৰসমূহে আক্ৰমণৰ পিছত মস্কোৰ বিৰুদ্ধে বাণিজ্যিক নিষেধাজ্ঞা আৰোপ কৰিছে। এপলে অলপতে ৰাছিয়াত সকলো সামগ্ৰীৰ বিক্ৰী স্থগিত ৰাখিছিল। ডেলে যোৱা সপ্তাহত একে ধৰণৰ পদক্ষেপ লৈছিল।
ৰাছিয়াৰ ওপৰত এটাৰ পাছত আনটো প্ৰতিবন্ধকতা সৃষ্টি কৰিছে পশ্চিমীয়া দেশৰ বহু আন্তৰ্জাতিক কোম্পানীয়ে। এই কাৰ্যই ৰাছিয়াৰ অৰ্থনৈতিক দিশক প্ৰভাৱিত কৰাটো নিশ্চিত হৈ পৰিছে।