পিএইচডি চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (PHDCCI)য়ে অহা ২৪ মাৰ্চ আৰু ২৫ মাৰ্চত গুৱাহাটীৰ শিল্পগ্ৰামত দুদিনীয়াকৈ মেগা ইভেণ্ট ‘Momentum North East 2022’‘ আয়োজনৰ বিষয়ে আজি এক সংবাদমেলত ঘোষণা কৰে।
অনুষ্ঠানটোৰ বিষয়ে অৱগত কৰি পিএইচডি চেম্বাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰিৰ সহকাৰী মহাসচিব ড০ যতিন্দৰ সিঙে কয়, উত্তৰ-পূবৰ বিকাশৰ সম্ভাৱনীয়তা আৰু বিকাশত অংশীদাৰিত্ব আৰু জড়িত হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৱে দেশৰ আন ৰাজ্যৰ লগত আগবঢ়োৱা সুযোগবোৰৰ বিষয়ে ৰাইজক জনোৱাটো Momentum North East 2022’ৰ প্ৰধান লক্ষ্য। দুদিনীয়া অনুষ্ঠানটোৱে উদ্যোগ, প্ৰতিষ্ঠান, চৰকাৰ আৰু উন্নয়ন খণ্ডৰ পৰা বৃহৎ সংখ্যক অংশীদাৰৰ সহযোগিতাৰ লগতে জ্ঞান আৰু ধাৰণা বিনিময়ৰ ক্ষেত্ৰত এক বৃহত্তৰ মঞ্চ হ’ব।
অনুষ্ঠানটোত বিশেষকৈ খাদ্য প্ৰক্ৰিয়াকৰণ, এমএচএমই, উদ্যোগ এক্সপো, ঔষধি উদ্ভিদ, জৈৱিক সামগ্ৰী, কৃষি, উদ্যানপালন আৰু পশুপালন, কয়ৰ বেত, বাঁহ আৰু গ্ৰাম্য কাৰুশিল্পৰ সামগ্ৰী, পৰ্যটন, শক্তি আৰু আন্তঃগাঁথনি, দক্ষতা, চাকৰি আৰু উদ্যোগ; বেঙ্কিং আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হব।
PHDCCI ৰ NER কমিটিৰ, সহ-অধ্যক্ষ ভাস্কৰ জে গগৈয়ে অনুষ্ঠানটোৰ বিষয়ে বৰ্ণনা কৰি কয় যে, কৃষিভিত্তিক ভাৰতীয় সমাজৰ কথা মনত ৰাখি Momentum North East’‘ৰ ধাৰণা লোৱা হৈছে। ই বহুতো ব্যৱসায়, উদ্যোগী, কৃষকসকলৰ বিকাশৰ বাবে উদ্যোগৰ প্ৰৱণতাৰ বিষয়ে শিকিবলৈ আৰু সেইবোৰ তেওঁলোকৰ ব্যৱসায়ত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱাৰ বাবে এক উৎকৃষ্ট মাধ্যম হব পাৰে।
উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ (DoNER)মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে অনুষ্ঠানৰ কাৰ্যসূচী উদ্বোধন কৰাৰ লগতে অনুষ্ঠানটোত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাও উপস্থিত থাকিব। অনুষ্ঠানটোত কাৰিকৰী সন্মিলন, বিনিয়োগ আৰু ব্যৱসায়িক সভা, অংশীদাৰী অনুষ্ঠান, উদ্যোগীসকলৰ আলোচনাচক্ৰ, কৃষক কৰ্মশালাৰ লগতে প্ৰদৰ্শনীও অনুষ্ঠিত হব।