বেংকৰ পৰা নগদ ধন উলিওৱা আৰু জমা কৰাৰ প্ৰক্ৰিয়া আজিৰে পৰা কিছু সাল-সলনি কৰা হৈছ। ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত গ্ৰাহকে পেন বা আধাৰ নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে।
অৱশ্যে সকলো সময়তে প্ৰযোজ্য নহ’ব এই নিয়ম। কৰ্প’ৰেশ্যন বেংক, ডাকঘৰকে ধৰি সকলোধৰণৰ বেংক একাউণ্টৰ পৰা ২০ লাখ টকাৰ অধিক নগদ ধন উলিওৱা বা জমা কৰিলেহে বাধ্যতামূলক হ’ব আধাৰ আৰু পেন কাৰ্ডৰ নম্বৰ। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে এই মাহৰ আৰম্ভণিতে এই সম্পৰ্কত জাননী জাৰি কৰি সবিশেষ জনাইছিল। ইয়াৰ পূৰ্বতে এদিনত ৫০,০০০ টকাৰ অধিক জমা কৰিলে পেন কাৰ্ডৰ প্ৰয়োজন হৈছিল। কিন্তু নিয়ম ১১৪ বি অনুসৰি নগদ জমা বা উলিওৱাৰ বাবে কোনো এনুৱেল লিমিট নাছিল।