নেচনেল ষ্টক এক্সচেঞ্জ( NSE) দেশৰ লগতে বিশ্বৰে শীৰ্ষস্থানীয় Stock Exchange সংস্থাৰ বজাৰ পুঁজি প্ৰায় ৪ ত্ৰিলিয়ন ডলাৰ। NSEৰ প্ৰাক্তন CEO তথা এমডি চিত্ৰা ৰামকৃষ্ণক Securities and Exchange Board of India (SEBI)এ পুঁজিৰ বজাৰত তিনি বছৰ নিষিদ্ধ কৰিছে আৰু ১.৫৪ কোটি টকাৰ Leave Encashment তথা ২.৮৩ কোটি টকাৰ Deferred Bonus পোৱাৰ পৰা বাৰণ কৰিছে।
হিমালয়ৰ এক অদৃশ্য যোগীৰ পৰামৰ্শমতে ৰামকৃষ্ণই ,NSEৰ বিষয়ে অল্পপৰিচিত আনন্দ সুব্ৰমণিয়নক চীফ অপাৰেটিং অফিচাৰ নিযুক্তি দিছিল যাৰ বাবদ NSEৰ ব্যয় হৈছিল ৫ কোটি টকা৷
উল্লেখ্য যে, শিৰোমণি বুলি সম্বোধন কৰা এই যোগীক ৰামকৃষ্ণই সংস্থাটোৰ বহু গুৰুত্বপূৰ্ণ তথ্য যোগান ধৰিছিল৷ তাৰ ভিতৰত এনএছইৰ ৫ বছৰৰ Projection, বিত্তীয় তথ্য, Dividend Ratio, ব্যৱসায়িক পৰিকল্পনা, ব’ৰ্ড মিটিঙৰ এজেণ্ডা আদি। আনকি কৰ্মচাৰীৰ প্ৰদৰ্শন সন্দৰ্ভতো তেওঁ যোগীৰ সৈতে কথা পাতিছিল৷ কেতিয়াও কায়িক ভাৱে লগ নোপোৱা এই যোগীজনৰ লগত প্ৰায় ২০ বছৰ ধৰি ইমেইলযোগে ৰামকৃষ্ণই সম্পৰ্ক ৰক্ষা কৰিছিল৷
২০১৬ চনত ৰামকৃষ্ণক বাণিজ্যিক কেলেংকাৰী আৰু সুব্ৰমণিয়নৰ নিযুক্তিৰ ক্ষেত্ৰত ক্ষমতাৰ অপব্যৱহাৰ এনএছইৰ পৰা বৰ্খাস্ত কৰা হয়। SEBIৰ তদন্তত পোহৰলৈ আহিছে যে, NSEত স্বেচ্ছাচাৰিতা চলোৱা প্ৰাক্তন CEO গৰাকীক মেনেজমেণ্ট, ব’ৰ্ড, চৰকাৰী প্ৰতিষ্ঠান বা বেংকৰ দৰে প্ৰম’টাৰেও কেতিয়াও কামত আপত্তি দৰ্শোৱা নাছিল৷ তাৰ বিপৰীতে তেওঁক NSE এৰাৰ সময়ত ৪৪ কোটি টকা আদায়হে দিয়া হৈছিল ৷
ৰামকৃষ্ণই ছেবিক তদন্তত কৈছিল যে, যোগীৰ আধ্যাত্মিক শক্তিক কোনো প্ৰত্যক্ষ যোগাযোগৰ প্ৰয়োজন নাই আৰু তেওঁ যোগীৰ পৰামৰ্শতে আনন্দ সুব্ৰমণিয়নক ২০১৩ ত COO’ৰ পদত নিয়োগ কৰিছিল৷
অদৃশ্য যোগী আৰু ৰামকৃষ্ণৰ ভাৰ্চুৱেল সম্পৰ্ক তথা সুব্ৰমণিয়নৰ ৰহস্যজনক ভূমিকা এখন থ্ৰিলাৰ ছবিতকৈ কোনো গুনেই কম নহয়। ইমেইলৰ সিপাৰে থকা যোগীৰ আঁৰ লৈ দুষ্টচক্ৰই বৃহৎ পৰিমাণৰ ধন ছান কাঢ়িছিল সেয়া ছেবিৰ তদন্তত ওলাই পৰিছে৷