নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইটোৰ-পাছত সিটো চৰকাৰী খণ্ড ব্যক্তিগত খণ্ডক বে-চৰকাৰী খণ্ডলৈ হস্তান্তৰ কৰাৰ পাছত এইবাৰ যেন অসম চৰকাৰো এই প্ৰতিযোগিতাখনত নামিল। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে অসম চাহ নিগম লিমিটেডৰ ১৫ খন বাগিচা এইবাৰ ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰিবলৈ প্ৰক্ৰিয়া সাজু কৰি তুলিছে। বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে বাগিচাকেইখন ব্যক্তিগত খণ্ডক লীজত দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, কিন্তু এই প্ৰক্ৰিয়াটোত কিছু বিসংগতি থকা বাবে সোণোৱাল চৰকাৰে গা-এৰা এৰা দিয়া বাবে বিষয়টো ফলপ্ৰসু হৈ নুঠিল। বৰ্তমানৰ চৰকাৰখনে পুনৰ বাগিচাকেইখন ব্যক্তিগত খণ্ড বা পুজিপতি হাতলৈ হস্তান্তৰ কৰিবলৈ যো-জা কৰিছে। ইয়াৰ বাবে সকলো প্ৰক্ৰিয়া ইতিমধ্যে চূড়ান্ত কৰিছে অসম চৰকাৰে। উল্লেখ্য যে, লোকচানৰ সন্মুখীন হৈ বাগানসমূহত কৰ্মৰত কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা এটাৰ সৃষ্টি হৈছে।
ৰাজ্য চৰকাৰে শ্ৰমিক-বিষয়াসকলক ৫০ শতাংশ ধন বহন কৰি আহিছে আৰু বাকী ৫০ শতাংশ অসম চাহ নিগম লিমিটেডে যোগান ধৰি আহিছে যদিও সেই ধন তেওঁলোকে নিয়মিতভাৱে আদায় কৰিব পৰা নাই। কাৰণ বৰ্তমান বাগিচাবোৰৰ নিজা উৰ্পাজন যথেষ্ট কম। বাগিচা কৰ্তৃপক্ষই লগতে দাবী কৰিছে যে, বাগানবোৰ প্ৰয়োজন অনুসৰি প্ৰতিপালন কৰা হলেও বাগিচাৰ উৰ্পাজন বৃদ্ধি পালেহেতেন, কিন্তু সেই কাৰ্য যেন কোনো এখন চৰকাৰে নকৰিলে, কেৱল প্ৰতিশ্ৰুতিতেই সকলো থমকি ৰল। ব্যক্তিগত খণ্ডক গতোৱাৰ বাবে সাজু হোৱা এচিচিএলৰ বাগিচাকেইখন হৈছে- আমলখি, ডিজুভেলী, লংচং, ভোলাগুৰি, চিনামৰা, দৃষ্টিকোটা, নাগিনীজান, নেঘেৰেটিং, থেছামৰা, ৰঙামাটি, দীপলিং, ৰাজাবাৰী, লনখান, ইশ্বাভেল আৰু বিদ্যানগৰ।