টুইটাৰৰ সৈতে হোৱা ৪৪ বিলিয়ন ডলাৰৰ চুক্তি শেষ কৰাৰ কথা ঘোষণা কৰিলে এলন মাস্কে। যোৱা শুকুৰবাৰে এক পত্ৰ যোগে টুইটাৰক এই কথা জনোৱা হয়। এই পত্ৰত উল্লেখ আছে যে, তেওঁলোকৰ মাজত যি চুক্তি হৈছিল সেই চুক্তি পালন কৰাত কিছু ব্যৰ্থ হোৱাৰ লগতে প্ৰয়োজনীয় কিছু নথি-পত্ৰ দিয়াৰ ক্ষেত্ৰতো বিফল হৈছে টুইটাৰ। মাস্কৰ এই অভিযোগ অমান্য কৰি টুইটাৰ কৰ্তৃপক্ষই কয়- আমি তেনে কোনো বিধি উলংঘন কৰা নাই।
উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিলত এলন মাস্কে টুইটাৰৰ অংশীদাৰিত্ব ক্ৰয় কৰাৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছিল। কিন্তু ইয়াৰ পাছতে টুইটাৰৰ একাংশ শীৰ্ষ বিষয়া আৰু মাস্ক কম্পেনীৰ মাজত কিছু সংঘাতৰ খবৰ পোহৰলৈ আহিছিল।
আনহাতে, এলন মাস্কৰ এই সিদ্ধান্তৰ পাছতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিছে টুইটাৰ কৰ্তৃপক্ষই। ব্যৱসায়িক বিধিৰ লগতে চুক্তি ভংগৰ ক্ষেত্ৰত এলন মাস্কেহে বিধি বৰ্হিভূত কাম কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে টুইটাৰ কৰ্তৃপক্ষই।