আন্তৰ্জাতিক খ্যাতিসম্পন্ন আৰু শক্তিশালী ব্যক্তিত্বৰ দ্য গ্ৰেট খালিয়ে মৈথন ষ্টীলৰ উৎকৃষ্ট মানদণ্ড আৰু নিজা ঘৰ নিৰ্মাণত মৈথন ব্যৱহাৰৰ সম্পৰ্কে জনাবলৈ আজি “ধম টেষ্ট” মুকলিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কয়, “মৈথন টিএমটি হৈছে বিশ্ব চেম্পিয়ন, কাৰণ ই সকলো আন্তঃৰাষ্ট্ৰীয় পৰীক্ষাত উত্তীৰ্ণ হৈছে। “ধম টেষ্ট” য়ে মৈথন ভাৰতৰ গৌৰৱ প্ৰমাণ কৰিব। সেইকাৰণেই মৈথনে মোৰ হৃদয়ত এক বিশেষ স্থান অধিকাৰ কৰিছে” গণ উপভোক্তা সজাগতাৰ বাবে “ধম টেষ্ট” টিভিচি প্ৰচাৰিত হৈ আছে, বিভিন্ন কাষ্টমাৰ পইন্ট আৰু ডিলাৰ শ্বপত প্ৰশিক্ষণপ্ৰাপ্ত কৰ্মচাৰীসকলৰদ্বাৰা টিএমটি ৰিবাৰ ক্ৰয়ৰ পূৰ্বে ইয়াৰ সৰ্বশ্ৰেষ্ঠ মানদণ্ডক প্ৰশংসা আৰু মূল্যায়নৰ বাবে লাইভ প্ৰদৰ্শনৰ পৃথক পৰিকল্পনা কৰা হৈছে, যিয়ে উপভোক্তা আৰু ডিলাৰৰ ক্ৰয়ত সহজ কৰি তুলিব।
আজি গুৱাহাটীত আয়োজিত এক সংবাদমেলত মৈথন ষ্টীলৰ সঞ্চালক মধুৰ আগৰৱালাই কয় যে, দ্য গ্ৰেট খালি সদায়েই ব্ৰেণ্ড এম্বেচেডৰ হিচাপে অনুপ্ৰেৰণা হৈ অহাৰ কাৰণ তেওঁ কেৱল নিৰন্তৰ শক্তি প্ৰতিষ্ঠা কৰাৰ বাবেই নহয়, বৰঞ্চ তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভাৰতক প্ৰতিনিধিত্ব আৰু WWE চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় মল্লযোদ্ধাসকলক পৰাজিত কৰাৰ গৌৰৱ। একেদৰে মৈথন ষ্টীলেও একাধিক আন্তৰ্জাতিক শক্তি পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু আন্তৰ্জাতিক মানদণ্ড অতিক্ৰম কৰিছে। আমাৰ ব্ৰেণ্ড এম্বেচেডৰজন মৈথন ষ্টীলৰ দৰেই নিকা ভাৱমূৰ্তিসম্পন্ন, কোনো বিতৰ্ক নাই; একেদৰে যোৱা দশকটোত আমি শূন্য মানদণ্ড সম্পৰ্কীয় অভিযোগৰে এক প্ৰসিদ্ধ উপভোক্তা ব্ৰেণ্ড হৈ পৰিছো।
সঞ্চালক কৌশল আগৰৱালাই কয় যে, ‘ধম টেষ্ট’ হৈছে সৰ্বোচ্চ মানদণ্ড আৰু শক্তিক অনুসৰণ কৰা মৈথন ষ্টীল টিএমটি ৰিবাৰৰ প্ৰদৰ্শন, যি সমাজ আৰু দেশখনলৈ সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ ষ্টীল আগবঢ়াবলৈ কোম্পানীটোৰ অংগীকাৰৰ নিশ্চিতকৰণ।”