ৰিলায়েঞ্চত অচিৰেই নেতৃত্বৰ পৰিৱৰ্তন হ’ব! এই ইংগিত দিছে ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। অলপতে ৰিলায়েঞ্চ পৰিয়াল দিৱসত মুকেশ আম্বানীয়ে ভাষণ প্ৰসংগত নিজৰৰিলায়েঞ্চৰ জ্যেষ্ঠসকলক এই আহ্বান জনায় যে তেওঁলোকে এতিয়া ৰিলায়েঞ্চৰ অধিক যোগ্য, নিষ্ঠাৱান আৰু প্ৰতিভাশালী যুৱ লীডাৰৰ হাতত দায়িত্ব অৰ্পণ কৰা উচিত। তেওঁ কয়, “ৰিলায়েঞ্চ এতিয়া এক যুগান্তকাৰী নেতৃত্ব পৰিবৰ্তনৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দিশে আগবাঢিছে…মোক ধৰি জ্যেষ্ঠসকলৰ পৰা পৰবৰ্তি প্ৰজন্মৰ যুৱ লীডাৰলৈ। মই এই প্ৰক্ৰিয়া ত্বৰাণ্বিত হোৱাটো বিচাৰোঁ।”
“আমি তেওঁলোকক উৎসাহ যোগোৱা, সবল আৰু সামৰ্থৱান কৰি তুলিবলৈ মাৰ্গ দৰ্শন কৰা উচিত…আৰু আঁতৰৰ পৰা তেওঁলোকৰ আমাতকৈও ভালকৈ কৰা কামবোৰৰ প্ৰশংসা কৰিম…ৰিলায়েঞ্চত আমি সাংগঠনিক সংস্কৃতি নিৰ্মাণ কৰিব লাগিব যি ইয়াৰ নেতৃত্বকো অতিক্ৰমী যাব,” এইদৰে কয় মুকেশ আম্বানীয়ে।
নিজৰ তিনি সন্তান আকাশ, ঈশা আৰু অনন্ত আম্বানীৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি মুকেশ আম্বানীয়ে কয় যে তেওঁলোকে ৰিলায়েঞ্চক নতুন শিখৰলৈ তুলি নিব। ৰিলায়েঞ্চৰ কাৰণে তেওঁলোকৰ আৱেগ, নিষ্ঠা আৰু দৃঢ়তা মই অনুভৱ কৰিছোঁ।