বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অংশ হিচাপে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত বিশ্ববিদ্যালয় প্ৰাংগনত শিক্ষাৰ্থী সকলক আত্মনিৰ্ভৰশীল কৰা আচঁনিৰ অংশ হিচাপে শুক্ৰবাৰৰ পৰা চাৰিদিনীয়াকৈ এখন বাণিজ্য মেলা আৰম্ভ হৈছে। এই বাণিজ্য মেলাখনৰ ৪ মাৰ্চত সামৰণি পৰিব। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত উদ্যোগীকৰণৰ ধাৰণা, অভিজ্ঞতাক উৎসাহিত কৰাই হৈছে এই মেলাৰ লক্ষ্য। এই মেলাখনত ছাত্ৰ-ছাত্ৰীসকলে স্ব-উৎপাদিত সামগ্ৰী যেনে – হস্তশিল্প, হাতেৰে নিৰ্মিত গহনা, খাদ্য আৰু পানীয়, পোষ্টাৰ ডিজাইন, কাষ্টম ডিজাইন কৰা টি-চাৰ্ট, আৰু বহুতো সামগ্ৰীৰ জৰিয়তে নিজৰ সৃষ্টিশীল ধাৰণাসমূহ উপস্থাপন কৰিছে।
পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই মেলাখন উদ্বোধন কৰে আমাৰ অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতাই। অনুষ্ঠানত অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য্য ফাডাৰ যোচেফ নেল্লানাট, বিশ্ববিদ্যালয়ৰ প্ৰযুক্তিবিদ্যা বিদ্যালয়ৰ সঞ্চালক অধ্যাপক মনোৰঞ্জন কলিতাৰ লগতে অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ অধ্যাপক, কৰ্মচাৰী, আৰু শিক্ষাৰ্থী সকল উপস্থিত থাকে। আনহাতে ফাডাৰ যোচেফ নেল্লানাটৰ প্ৰাৰ্থনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাগ লৈ জয়ন্ত কলিতাই ভাষণ প্ৰসংগত এই মেলা আয়োজন কৰাৰ বাবে অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ অভিনৱ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই বাণিজ্য মেলাখনে নিঃসন্দেহে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মনিৰ্ভৰশীলতা অৰ্জনৰ আত্মবিশ্বাস বৃদ্ধি কৰিব।
বাণিজ্য বিভাগৰ মুৰব্বী ড০ বিজু মণি দাসে মেলাখন আৰম্ভ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্যমী সংস্কৃতি গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰে। তেঁও লগতে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰা আৰু ই বিকশিত ভাৰতৰ বৃহত্তৰ দৃষ্টিভংগীৰ অৱদান আগবঢ়াব। শেষত শলাগৰ শৰাই আগবঢ়াই বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক তথা মেলাৰ সমন্বয়ক ড০ হৰজ্যোতি কলিতাই। উল্লেখ্য যে এই মেলাৰ সমান্তৰালকৈ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগণত ২৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত বিশ্ববিদ্যালয় সপ্তাহ কাৰ্যসূচীৰ আজি সন্ধিয়া সামৰণি পৰে। তেনেদৰে উত্তৰ-পূবৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ৰ অংশগ্ৰহণেৰে ২ মাৰ্চৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হব “NERICT” শীৰ্ষক আন এক আন্তঃমহাবিদ্যালয় ক্ৰীড়া অনুষ্ঠান।