আনুষ্ঠানিক লেনদেনৰ বাহিৰত থকা ক্ৰিপ্টোকাৰেন্সি (Cryptocurrency) ভাৰতত বৈধ ঘোষিত হ’ল। কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ক্ৰিপ্টোকাৰেন্সিৰ জৰিয়তে হোৱা লেনদেনত ৩০ শতাংশ কৰ আৰোপ কৰাৰ ঘোষণা কৰিলে। প্ৰকৃততে ক্ৰিপ্টোকাৰেন্সি হৈছে স্বীকৃতি বা চলোৱাৰ বাবে চৰকাৰ বা বেংকৰ ওপৰত ভাৰসা নকৰাকৈ কম্পিউটাৰ নেটৱৰ্কৰ জৰিয়তে বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা এক ডিজিটেল মুদ্ৰা৷ এই ব্যৱস্থাত এজন ব্যক্তিৰ মুদ্ৰাৰ মালিকীস্বত্ব এটা ডিজিটেল লেজাৰত থোৱা হয়। এই লেজাৰ হৈছে ক্ৰিপ্টোগ্ৰাফী ব্যৱহাৰ কৰি লেনদেন সুৰক্ষিত ৰখা, অতিৰিক্ত মুদ্ৰা সৃষ্টি কৰা আৰু মুদ্ৰাৰ মালিকীস্বত্ব হস্তান্তৰৰ পৰীক্ষা কৰিবলৈ এক কম্পিউটাৰাইজ্ড ডেটাবেছ৷ এই লেজাৰক ব্লকচেইন (Blockchain) বুলি কোৱা হয়৷ মাইনিং (mining) নামৰ এক প্ৰক্ৰিয়াৰে ক্ৰিপ্টোকাৰেন্সি সৃষ্টি কৰা হয় য’ত কম্পিউটাৰ দ্বাৰা জটিল গণিতীয় প্ৰশ্নৰ দি মুদ্ৰা গঠন কৰিব পাৰি৷ লগতে ব্ৰকাৰৰ (broker) পৰাও মুদ্ৰা কিনি সেইবোৰ ক্ৰিপ্টোকাৰেন্সি ৱালেটৰ দ্বাৰা সঞ্চয় বা খৰছ কৰিব পাৰি৷
বিটকইন, অপেন ব্লকচেইন ট’কেনচ (Bitcoin, Open Blockchain Tokens), যেনে, ৰেপড এচেট ট’কেন, [Wrapped Asset Token (WRAP), হাচ/প্ৰাইভেচি কইনচ (Hush/ privacy coins), যেনে মনেৰ’ এক্স এম আৰ (Monero XMR), এপ্লিকেচনচ কইনচ (Application coins), যেনে ফাইলকইন (Filecoin (FIL), চিকিউৰিটি ট’কেনচ (Security tokens) যেনে এক্সডাচ (Exodus), নন ফান্জিবল ট’কেনচ (Non-Fungible Tokens), যেনে ক্ৰিপ্টো কিট্টিছ (Crypto Kitties) আদি সকলো ক্ৰিপ্টোকাৰেন্সি বা ভাৰচ্যুৱেল ডিজিটেল এচেটচ (virtual digital assests)ত ধৰা হয়।
এই ভাৰচ্যুৱেল ডিজিটেল এচেটচ( virtual digital assets) সমূহৰ লেনদেনত হোৱা আয়ৰ ওপৰত ৩০ শতাংশ কৰ আৰোপ কৰা হৈছে৷ এই কৰ বিনিয়োগকাৰীয়ে কেৱল লাভ্যাংশৰ ওপৰতহে দিব লাগিব৷ অৰ্থা ক্ৰিপ্টোকাৰেন্সিত হোৱা ব্যয় বাদ দিয়াৰ পাছত থকা ধনৰাশিৰ ওপৰতহে এই কৰ ধাৰ্য কৰা হৈছে৷ এয়াৰড্ৰপচ (airdrops), লাৰ্ণ এণ্ড আৰ্ণ স্কীমচ (learn and earn schemes), প্লে টু আৰ্ণ গেমচ (play to earn games) আদিৰ পৰা অৰ্জন কৰা ফ্ৰী ক্ৰিপ্টো (Free crypto) উপহাৰ হিচাপে ধৰা হ’ব৷ উপহাৰৰ ক্ষেত্ৰত দেশত প্ৰযোজ্য আইন ক্ৰিপ্টোকাৰেন্সিৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব পাৰে৷
বেছিভাগ লেনদেনৰ ক্ষেত্ৰত আয়কৰ আইনৰ সংশোধনী মতে ক্ৰিপ্টো এক্সেন্সসমূহত অহা ১ জুলাইৰপৰা ১ শতাংশ টিডিএছ কৰ্তন কৰিব লাগিব৷ ক্ৰিপ্টোৰ ৰূপত আদায় দিয়া দৰমহাৰ ওপৰত ৩০ শতাংশ কৰ দিব লগাও হ’ব পাৰে৷ decentralised exchange যেনে Uniswapৰ ক্ষেত্ৰত TDS কৰ্তন নহয় যদিও লাভৰ ক্ষেত্ৰত কৰ আদায় দিয়াটো বাধ্যতামূলক৷
আনহাতে, বজাৰ বিশেষজ্ঞসকলে অনুমান কৰিছে যে ১ এপ্ৰিলৰ পূৰ্বে ৩০ শতাংশ কৰ আদায়ৰ পৰা হাত সাৰিবলৈ ক্ৰিপ্টোধাৰীসকলে নিজৰ ক্ৰিপ্টোকাৰেন্সি বিক্ৰী কৰাৰ বাবে তৎপৰ হ’ব পাৰে৷ বেচৰকাৰী তথ্য মতে ভাৰতত ডেৰৰ পৰা দুই কোটি ক্ৰিপ্টো বিনিয়োগকাৰী আছে আৰু দেশৰ মুঠ ক্ৰিপ্টো সম্পদৰ মূল্য হৈছে প্ৰায় ৪০০০০ কোটি টকা৷ এনেধৰণৰ বৃহৎ লেনদেন দেশৰ কৰ ব্যৱস্থাৰ অধীনলৈ অহাটো যথেষ্ট আশাব্যঞ্জক বুলি বিশেষজ্ঞসকলে জনাইছে।