বেচৰকাৰী সংস্থা কলচাৰেল ফৰাম অসমে ২০২৪ বৰ্ষৰ উদীয়মান শিল্পী বঁটা প্ৰদান কৰিব ছুটি ছবি নিৰ্মাতা, লেখক, পৰিচালক, প্ৰযোজক, অভিনেতা ডo ৰাজীৱ দলৈক। অহা ১০ এপ্ৰিলত দিনৰ ১২ বজাত যোৰাবাটৰ কুইন’ছ হোটেলত এক গাম্ভীৰ্যপূৰ্ণ অনুস্থানত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদিত বেচৰকাৰী সংস্থাটোৱে এই বঁটা ডo ৰাজীৱ দলৈক প্ৰদান কৰিব। উল্লেখ্য যে ৩০ খনৰো অধিক মায়া, শিৱা,মৰমৰ তুমি কিয় দিলা, মেজিৰ জুই, নয়া চুভা, ওৱান গ্লাচ ৱাতাৰ, হিউমিনিটী, পৃথিৱী তুমি,জীৱনৰ সংঘাত, মৰ থইগো, জানানে তুমি, প্ৰেমত পৰিলুং, হেৰো ৰেৱেল ফৰ লাভ, আম লাগিলে পাৰি খাম, হুহ হাহ, বহাগী নহৈ জোনালী, নাইচ দৌৰী দৌৰী, জাইগৰয়া নায় বেলিয়া, বৰষা যেতিয়া নামে আদি আসমীয়া, হিন্দী, মণিপুৰী, তিৱা ভাষাৰ ছুটি ছবি, দূৰদৰ্শনৰ টেলিফিল্ম, ৰেঙনি জোনাক ইত্যাদি চেনেলৰ ধাৰাবাহিকবোৰত দূৰন্ত অভিনয়ে জিলিকি উঠা কামৰূপ মহানগৰ জিলা টোপাতলীৰ প্ৰতিভাবান যুৱকজনে বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
তেওঁ ইতিমধ্যে দা নেশ্যনেল প্ৰাইড অফ ইণ্ডিয়া এৱাৰ্ড ২০২২, শান্ত ৰবিদাস মেমোৰিয়াল ইন্টাৰনেচনেল এৱাৰ্ড ২০২২, চাইনিং ষ্টাৰ নেশ্যনেল এৱাৰ্ড ২০২২,৩ৰ্ড নেশ্যনেল ফেইচ আইকনিক এৱাৰ্ড ২০২২, ভাৰতীয় প্ৰতিভা গৌৰৱ পুৰষ্কাৰ ২০২৩, মহাৰাষ্ট্ৰ পোনে, মুম্বাই, চেন্নাই আদিত ছুটি ছবি নিৰ্মাতা, লেখক, পৰিচালক, প্ৰযোজক, অভিনেতা হিচাপে ৰাষ্ট্ৰীয় আৰু আ্তঃৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছে। এই বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ছবি লগতে সংগীত জগতৰ বহুতো বিশিষ্ট শিল্পীসকল উপস্থিত থাকিব।