আজিৰে পৰা আৰম্ভ পোহৰৰ উৎসৱ দিপাৱলী। দিপাৱলীৰ লগতে আজি কালি পূজাৰ প্ৰস্তুতিও চলিছে। সমাজৰ পৰা অপশক্তি দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰাৰ প্ৰাৰ্থনা জনাই সমগ্ৰ দেশতে উদযাপন কৰা হ’ব কালি পূজা। ইতিমধ্যে বিভিন্ন মন্দিৰ আৰু উপাসনাস্থলীত মা কালী ভক্তই চলাইছে পূজাৰ আয়োজন।
শ্ৰী ৰামচন্দ্ৰই ১৪ বছৰ বনবাস খাটি সীতাৰ সৈতে অযোধ্যালৈ ঘূৰি অহাৰ আনন্দতেই প্ৰজাগণে পোহৰেৰে অযোধ্যক উদ্ভাসিত কৰি তোলাৰ পৰম্পৰা অনুসৰিয়েই সমগ্ৰ দেশতে পালন কৰা হ’ব পোহৰৰ উৎসৱ দিপাৱলী। অতীজৰে পৰা চলি অহা এই পৰম্পৰা অনুসৰি পোহৰৰ উৎসৱ পালন কৰিবলৈ সাজু হৈছে দেশৰ লগতে ৰাজ্যবাসী।
দেৱালীক লৈ ইতিমধ্যে প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনাও। দেৱালীত যাতে কোনোৱে উচ্চ শক্তি সম্পন্ন ফটকা নুফুটাই তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি পৰিৱেশ বিনষ্ট বা প্ৰদূষণ মুক্ত দেৱালী পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে প্ৰশাসনে।ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰশাসনে ফটকা ফুটোৱাৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে।