আজি শিক্ষা বিভাগত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উপস্থিতত ২৮০ গৰাকী বিশেষভাৱে সক্ষম প্ৰাৰ্থীলৈ নিম্ন/উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, অসমত নিকাকৈ শিক্ষক নিযুক্তিৰ এটা ধাৰা মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিলে। নিযুক্তিৰ এই বৈপ্লৱিক ধাৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ দি তেঁও কয় যে, আগষ্ট-ছেপ্টেম্বৰ মাহত আকৌ নিযুক্তি দিয়া হ’ব।
শিক্ষা মন্ত্ৰীগৰাকীয়ে কয়, বিশেষভাৱে সক্ষম প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত আমি এখন মেডিকেল ব’ৰ্ড গঠন কৰিছিলো। তাত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰায় ৫০ শতাংশ অৰ্থাৎ ২৭১গৰাকী প্ৰাৰ্থী উপস্থিত নাথাকিল। হয়তো তেওঁলোকে ভুৱা প্ৰমাণ পত্ৰ লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। বহুতে ভুৱা প্ৰমাণ পত্ৰ লৈ চৰকাৰী চাকৰি কৰি আছে। এতিয়াৰ বিশেষভাৱে সক্ষম লোকৰ নিযুক্তিৰ ক্ষেত্ৰত মেডিকেল ব’ৰ্ডত উপস্থিত থাকিব লাগিব। মেডিকেল ব’ৰ্ডে নিৰ্ধাৰণ কৰি দিয়া প্ৰাৰ্থীকহে আমি নিযুক্তি দিছো। ৪০ শতাংশ Disibility থকা লোককহে বিশেষভাৱে সক্ষম বুলি ধৰা হৈছে।
শিক্ষামন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা হ’ল –
- ব্যতিক্ৰমী স্থানক বাদ দি ৩০গৰাকীতকৈ কম ছাত্ৰ–ছাত্ৰী থাকিলে সেই বিদ্যালয় সমূহক আন বিদ্যালয়ৰ লগত একত্ৰিকৰণকৰ হব।
- SEBAই এটা এপ উলিয়াইছে, খুব সোনকালে নৱম-দশমৰ শিক্ষার্থীৰ পৰীক্ষা সেই এপৰ জৰিয়তে পতা হ’ব।
- বদলিকৰনৰ বাবে পৰ্টেলৰ জৰিয়তে আবেদন কৰিব লাগিব।
- শিক্ষা বিভাগত বৰ্তমান ক’তো ফাইল নাই, বদলিৰ আবেদন পৰ্টেল মতে জনাব লাগিব।