চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ৷ ছাত্ৰ সংগঠন এ বি ভি পিৰ নগাঁও মহাবিদ্যালয়( স্বতন্ত্ৰ) গোটে বুধবাৰে প্ৰাথমিক শিক্ষা কেৱল মাতৃভাষাত হব লাগে শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচীৰ সপক্ষে স্বাক্ষৰ অভিযান চলায়৷
ৰাজ্য চৰকাৰে বিশেষকৈ তৃতীয়মান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত প্ৰৱৰ্তন কৰিবলৈ ওলোৱাত ইয়াক তীব্ৰ বিৰোধিতা কৰি আজি দিনৰ এক বজাৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷
কেন্দ্ৰীয় চৰকাৰৰ নতুন শিক্ষানীতিৰ আধাৰত প্ৰকৃততে পঞ্চম মান শ্ৰেণীলৈকে আৰু সম্ভৱ হ’লে অষ্টম মানলৈকে মাতৃভাষা অথবা স্থায়ী ভাষাত শিক্ষাদান কৰিব লাগে৷ সেয়েহে সংগঠনটোৱে ৰাজ্য চৰকাৰৰ কেবিনেটে তৃতীয়মান শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান কৰাৰ দৰে হঠকাৰী সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচীত আহ্বান জনায় ৷