নগাঁৱত স্থাপন হ’ব কৃষি বিশ্ববিদ্যালয়৷ ৰাজ্যৰ ভিতৰতে নগাঁও জিলাই কৃষি উৎপাদনৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি অহাৰ সময়তে নগাঁও জিলাত কৃষি বিশ্ববিদ্যালয় স্থাপনৰ বাবে চৰকাৰে কুজকাৱাজ চলোৱাটো ইতিবাচক দিশ ৷
নগাঁও উপায়ুক্ত কাৰ্যালয়ত প্ৰস্তাবিত নগাঁও কৃষি বিশ্ববিদ্যালয় স্থাপনৰ বাবে এক গুৰুত্বপূৰ্ণ সভা মঙলবাৰে অনুষ্ঠিত হয়৷ বিশেষকৈ এই সভাত বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভূমি আবন্টনৰ সন্দৰ্ভত আলোচনা কৰা হয়৷ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নগাঁও চহৰৰ কাষৰীয়া অঞ্চল চিলঙনিত কৃষি বিশ্ববিদ্যালয় খনি স্থাপনৰ বাবে ভূমি আবন্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছ ৷
নগাঁৱত কৃষি বিশ্ববিদ্যালয় স্থাপনৰ বাবে চৰকাৰে হাতত লোৱা পদক্ষেপ বাস্তবায়িত হৈ উঠিলে নিশ্চিত ভাবে ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ উত্তৰনত এক বিশেষ মাত্ৰা প্ৰদান কৰিব৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বধীন চৰকাৰ খনৰ উন্নয়ন মূলক কামৰ অন্য এক অনন্য পদক্ষেপ হ’ব প্ৰস্তাবিত নগাঁও কৃষি বিশ্ববিদ্যালয়ৰ স্থাপনৰ পদক্ষেপ৷ অহা ১৬ এপ্ৰিলত নগাঁও ভ্ৰমণলৈ আহিব লগা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰস্তাবিত নগাঁও কৃষি বিশ্ববিদ্যালয়ৰ কথা ৰাজহুৱা কৰাৰ সম্ভৱনা আছে।