অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে বাতিল কৰিলে প্ৰথমবৰ্ষৰ পৰীক্ষা। ৰাজ্যৰ ভয়াবহ বান পৰিস্থিতিৰ বাবেই পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে শিক্ষা সংসদে। পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত অনুষ্ঠিত নহয় পৰীক্ষা। ১৮ মে’ৰ পৰা ২১ মে’লৈ অনুষ্ঠিত হোৱাৰ কথা আছিল এই পৰীক্ষা।
উল্লেখ্যে যে ৰাজ্যৰ কেইবাখনো জিলাত বান আৰু ভূমিস্খলনে লৈছে ভয়াবহ ৰূপ। বহু কেইখন জিলাত স্তব্ধ হৈ পৰিছে যাতায়ত। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এই সিদ্ধান্ত লোৱা হৈছে বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা জনাইছে।