অসম চৰকাৰৰ চৰম দায়িত্বহীনতাৰ বাবেই এতিয়া ৰাজ্যৰ অগ্ৰণী উচ্চ শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয় সীমা পুনৰ সংকুচিত হ’বলৈ আগবাঢ়িছে। গুৱাহাটীৰ মাজমজিয়াত থকা এই উচ্চ শিক্ষাপ্ৰতিষ্ঠানখনৰ নিজা ৰাজহ বৃদ্ধিৰ বাবে চৰকাৰৰ হেঁচাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ভূমি বাহিৰা ব্যক্তি বা প্ৰতিষ্ঠানলৈ হস্তান্তৰ কৰিব ওলাইছে। বিশ্ববিদ্যালয়খনৰ এই হঠকাৰী সিদ্ধান্ত পোহৰলৈ অহাৰ পিছতে এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, ১৯০১ চনতে স্থাপিত হোৱা কটন মহাবিদ্যালয়ক ২০১৭ চনতে বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হ’ল যদিও এই শিক্ষানুষ্ঠানখনৰ প্ৰয়োজনীয় আন্তঃগাঁথনি, শিক্ষককে ধৰি অনেক সমস্যাবোৰ বৰ্তমানলৈকে সমাধান কৰা নহ’ল। বিশ্ববিদ্যালয়খনৰ অভাৱ, অভিযোগৰ লগতে কেনে পৰিস্থিতিৰ মাজেৰে আগবাঢ়িছে সেই বিষয়ক লৈ চৰকাৰ উদাসীন। চৰকাৰ তথা সংশ্লিষ্ট উচ্চ শিক্ষা বিভাগে বিশ্ববিদ্যালয়খনৰ এই সমস্যাসমূহ সমাধানৰ বাবে গ্ৰহণ কৰা নাই কোনো বিশেষ পদক্ষেপ।
বিশ্ববিদ্যালয়খনৰ একাংশ অধ্যাপক, অধ্যাপিকা তথা কৰ্মচাৰীকো মাহিলী দৰমহা দিবলৈ অসমৰ্থ হোৱা স্বত্বেও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক উচ্চ শিক্ষা বিভাগে বাৰে বাৰে নিজা ৰাজহ বৃদ্ধিৰ বাবেহে হেঁচা প্ৰয়োগ কৰি আহিছে। এনে পৰিস্থিতিত পৰি এতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছে চৰম হঠকাৰী সিদ্ধান্ত। বিশ্ববিদ্যালয়খনৰ মাজমজিয়াৰ ভূমি বাহিৰা ব্যক্তিলৈ হস্তান্তৰ কৰিবলৈ ইতিমধ্যে কাৰ্যবাহী পৰিষদৰ অনুমোদন সাপেক্ষে যোৱা ১৩ মে’ত এক কমিটী গঠন কৰিছে বুলি জানিব পৰা গৈছে।