আজি ১০বজাত মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰিব SEBAই। কিন্তু নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ছচিয়েল মিডিয়া ভাইৰেল হৈছে মেট্ৰিকৰ ৰিজাল্ট শ্বিট। দুষ্ট চক্ৰৰ এই কাৰ্যৰ ওপৰত চোকা নজৰ ৰাখিছে SEBA কৰ্তৃপক্ষই। এই লোকসকলৰ বিৰুদ্ধে চেবাৰ চাইবাৰ চেলে নজৰ ৰখাৰ লগতে এই চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰো কাষ চাপিব SEBA কৰ্তৃপক্ষ।
চেবা কৰ্তৃপক্ষই জনাইছে যে, এয়া হৈছে এক অপৰাধ। এই অপৰাধ যি সকলে কৰিছে তেওঁলোকে আইনৰ শাস্তিৰ সন্মুখীন হব লাগিব। উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা ৪১৯৮৮৭ গৰাকী। ইয়াৰ ১ লাখ ৯৫ হাজাৰ ১৮১ গৰাকী ছাত্ৰ আৰু ২ লাখ ২৪ হাজাৰ ৭০৬ গৰাকী ছাত্ৰী।
১০বজাৰ লগে লগে পৰীক্ষাৰ্থীসকলে লাভ কৰিব ৰিজাল্ট।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবচাইট সমূহ হ’ল-
results.sebaonline.org
resultsassam.nic.in
www.indiaresults.com
www.results.shiksha
www.assam.shiksha
www.assamonline.in
www.schools9.com
https://iresults.net
assamjobalerts.com
assamresult.in
necareer.com
www.jagranjosh.com
www.vidyavision.com