গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ চৰম অমনোযোগীতাৰ বাবে একাংশ ভু – মাফিয়াই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা মূল্যবান ভূমি বেদখল কৰাই নহয় তাত পকী দেৱাল নিৰ্মাণ কৰি অবাধে নিৰ্মাণ কাৰ্য চলাই আছে। আনকি এই বেদখল কাৰ্য অব্যাহত থাকিলে অসম আৰ্হিৰ ১০ নম্বৰ মূলা গাভৰু ছাত্ৰীনিবাসলৈ ভাবুকি অহাটো নিশ্চিত বুলি ছাত্ৰীনিবাসটোৰ একাংশ আবাসী ছাত্ৰীয়ে আশংকা ব্যক্ত কৰিছে। উল্লেখ্য যে জালুকবাৰীৰ পৰা সাতমাইল সংযোগী বিশ্ববিদ্যালয় বাইপাছৰ পৰা বিশ্ববিদ্যাল়য়ৰ তিনিটাকৈ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ মাজত থকা পিতনি সদৃশ জলাশয়টোৰ ৪৪ নম্বৰ দাগৰ ভূমিত বিগত বহুদিন ধৰি বিশ্ববিদ্যালয়ৰ প্ৰশাসনৰ চকুৰ আগতে অবাধে এই বেদখল কাৰ্য চলি আছে। যাৰ ফলত তিনিওটা আবাস ক্ৰমে – অসম আৰ্হিৰ ১০ নম্বৰ মূলা গাভৰু ছাত্ৰীনিবাস , অসম আৰ্হিৰ ৯ নম্বৰ জ্ঞানদাভিৰাম বৰুৱা ছাত্ৰাবাস আৰু অসম আৰ্হিৰ ৮ নম্বৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছাত্ৰাবাসলৈ ভাবুকি আহিছে। আনকি বিগত বৰ্ষত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বেদখল ৰোধৰ বাবে তাত বিশ্ববিদ্যালয়ৰ ভূমি বুলি দুখনমান চাইনবৰ্দ আৰি দিছিল। কিন্তু চাইনবৰ্দ আৰিয়ে দায়িত্ব সামৰাত ভূ – মাফিয়া চক্ৰই প্ৰথমতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ সুৰক্ষাৰ বাবে পথৰ দাঁতিত স্থাপন কৰা ষ্টিলৰ মজবুত ৰেলিং নিশাৰ ভাগত মেচিনৰে কাটি বিশ্ববিদ্যালয়ৰ সংৰক্ষিত ভূমিত থকা চাইনবৰ্দ দলিয়াই দি ভুমি বেদখল কৰিছে। এতিয়া মাত্ৰ এখন নে দুখনহে চাইনবৰ্ড আছে।
সন্দেহ কৰা মতে তাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ থকা পানী পৰিবাহী নলাটো থকা বাবেহে ভূ – মাফিয়া চক্ৰই তাত বেদখল কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই। কিন্তু নিশাৰ ভাগত চাইনবৰ্দ আঁতৰ কৰি বিশ্ববিদ্যালয়ৰ মূল্যবান ভূমি বেদখল কৰা বিষয়টোৰ ক্ষেত্ৰত কৰ্তৃপক্ষই কিয় জিলা প্ৰশাসন বা আৰক্ষীৰ জৰিয়তে বেদখলকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰা নাই তাক লৈ সচেতন ৰাইজৰ মাজতো কৌতুহলৰ সৃষ্টি হৈছে। আনকি অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভূ – মাফিয়াৰ বিৰুদ্ধে চলাই থকা অভিযানৰ আওতাৰ পৰা বিশ্ববিদ্যাল়য়ক বাহিৰত ৰখা হৈছে নেকি তাক লৈ সচেতন মহলৰ প্ৰশ্নৰ উদ্ৰেক হৈছে। জানিব পৰা মতে জালুকবাৰী – সাতমাইল সংযোগী বিশ্ববিদ্যালয় বাইপাছটো বিশ্ববিদ্যালয়ৰ ভূমিৰ মাজেৰে গৈছিল। আনকি জালুকবাৰীৰ পৰা সাতমাইলৰ দিশলৈ থকা পথচোৱাৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ মাজত থকা পিতনি সদৃশ অংশখিনী সম্পুৰ্ণ বিশ্ববিদ্যালয়ৰ ভুমি অাছিল। সেই অংশখিনীয়ে তিনিওটা আবাসক প্ৰাকৃতিক ভাৱে সুৰক্ষা দি আহিছিল। এতিয়া তাত চলি থকা অবাধ বেদখলৰ বাবে সুৰক্ষা ব্যৱস্থালৈ ভাবুকি অহাটো নিশ্চিত হৈ পৰিল।