এতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কিমান শতাংশ নম্বৰ লাভ কৰিছে সেইয়া হয়টো বৰ গুৰুত্বপূৰ্ণ নহ’ব। জেএনইউ ,দিল্লী বিশ্ববিদ্যালয় বা আন দেশৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ত স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত লাভ কৰা নম্বৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেই অনুসৰি সংশ্লিষ্ট বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিছিল কাট অফ মাৰ্কৰ তালিকা।
কিন্তু এতিয়াৰ পৰা কমন ইউনিভাৰ্চিটি এড্যুকেশ্যন টেষ্ট চমুকৈ CUETঅনুষ্ঠিত কৰি এই বিশ্ববিদ্যালয় সমূহত নামভৰ্তিৰ ব্যৱস্থা কৰা হ’ব। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ এন জগদীশ কুমাৰে সদৰি কৰিছে এই কথা। জুলাই মাহৰ প্ৰথম সপ্তাহত এই পৰীক্ষা অনুষ্ঠিত হ’ব। ২০২২-২৩ বৰ্ষৰ স্নাতক শ্ৰেণীৰ নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰী সকল অৱতীৰ্ণ হ’ব লাগিব এই পৰীক্ষাত।
এই পৰীক্ষা অনুষ্ঠিত কৰিব নেচনেচ টেষ্টটিং এজেঞ্জি চমুকৈ NTA। এখন দেশ এটা প্ৰৱেশ পৰীক্ষাৰ নীতিৰে এই প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি তেওঁ জানিব দিয়ে। NTRTৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ ভিত্তিত এই পৰীক্ষাৰ চিলেবাছ প্ৰস্তুত কৰা হ’ব। ছাত্ৰ সকলে হিন্দী ,ইংৰাজী, অসমীয়া, বাংলা, গুজৰাটী, মালায়লম আদি বিভিন্ন মাধ্যমত প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।