যিটো সময়ত শিশু শিক্ষাৰ কাৰণে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে তেনে সময়তে মঙলদৈৰ পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ মোৱামাৰী গাও পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰী গাঁওৰ বিদ্যানগৰ অংগনাবাড়ী কেন্দ্ৰৰ অৱস্থা অতি দুখজনক৷ বিদ্যালয় গৃহৰ অভাৱত পুৰণি কলীয়া শিক্ষা দান এইখন স্কুলত। ভাঙি চিঙি যোৱা তৰ্জা বেৰ, এচলীয়া টিনৰ চালিৰ কেন্দ্ৰ তোৰ শিক্ষয়িত্ৰীয়ে কণ কণ শিশু সকলক গছৰ তলত পাঠদান কৰি আহিছে ৷
ৰাইজে সকলো দিশতে সহায় সহযোগ কৰি অহাৰ পাছতো হৈ নুঠিল বিদ্যালয় গৃহটি ৷ বিদ্যালয় গৃহটি নিৰ্মাণ নোহোৱাৰ আৰত মোৱামাৰী গাওঁ পঞ্চায়তৰ সদস্য জনৰ কথা উল্লেখ কৰিলে স্থানীয় ৰাইজে৷ কিয়নো এক ডেৰ বছৰ আগতে অংগনাবাদী কেন্দ্ৰৰ নামত আৱৰ্তিত ধনেৰে সদস্য গৰাকীয়ে আন ক’ৰবাত কিবা গৃহ নিৰ্মাণ কৰা বুলি ৰাইজে অভিযোগ তোলে। লগতে এই বিষয়ে এক তদন্ত বিচাৰিলে অংগনাবাদী কেন্দ্ৰৰ অভিভাৱক সকলে।